মহাকাশ দপ্তৰ

বুধবাৰে চন্দ্ৰত অৱতৰণ কৰিবলগীয়া ‘চন্দ্ৰযান-৩’ৰ শেহতীয়া স্থিতি আৰু তৎপৰতা সন্দৰ্ভত মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙক তথ্য অৱগত কৰিলে ‘ইছৰো’ৰ অধ্যক্ষই

Posted On: 21 AUG 2023 4:34PM by PIB Guwahati

‘ইছৰো’(ভাৰতীয় মহাকাশ গৱেষণা সংস্থা)ৰ অধ্যক্ষ তথা মহাকাশ বিভাগৰ সচিব ড০ এছ সোমনাথে আজি নতুন দিল্লীত উপস্থিত হৈ বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব); প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, কৰ্মচাৰী, ৰাজহুৱা অভিযোগ, পেঞ্চন, পাৰমাণৱিক শক্তি আৰু মহাকাশ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ড০ জীতেন্দ্ৰ সিঙক সাক্ষাত্ কৰে আৰু ২০২৩ চনৰ ২৩ আগষ্টৰ সন্ধিয়া চন্দ্ৰ অৱতৰণ কৰিবলগীয়া ‘চন্দ্ৰযান-৩’ৰ শেহতীয়া স্থিতি আৰু তৎপৰতাৰ বিষয়ে অৱগত কৰে।

ইছৰোৰ অধ্যক্ষই মন্ত্ৰীগৰাকীক ‘চন্দ্ৰযান-৩’ৰ শেহতীয়া স্থিতি সন্দৰ্ভত অৱগত কৰি কয় যে যানখনৰ সকলো প্ৰণালীয়ে নিখুঁতভাৱে কাম কৰি আছে আৰু বুধবাৰে কোনো আকস্মিক পৰিস্থিতি উদ্ভৱ হোৱাৰ সম্ভাৱনা নাই। অহা দুদিনৰ ভিতৰত ‘চন্দ্ৰযান-৩’ৰ সামগ্ৰিক স্থিতি নিৰন্তৰ নিৰীক্ষণ কৰা হ'ব। অৱতৰণৰ অন্তিম ক্ৰমটো দুদিন আগতে উপলব্ধ কৰা হ'ব আৰু অহৰ্নিশে পৰীক্ষা কৰি থকা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে।

ড০ জীতেন্দ্ৰ সিঙে এইবাৰ ‘চন্দ্ৰযান-৩’ৰ মসৃণ অৱতৰণ সন্দৰ্ভত আস্থা ব্যক্ত কৰে আৰু আশা প্ৰকাশ কৰে যে ই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশনাত গ্ৰহ অন্বেষণৰ এক নতুন ইতিহাস ৰচনা কৰিব।

ইছৰো-ৱে কয় যে ‘চন্দ্ৰযান-৩’ ২০২৩ চনৰ ২৩ আগষ্টত ভাৰতীয় সময় অনুসৰি প্ৰায় ১৮:০৪ বজাত চন্দ্ৰত অৱতৰণ কৰিবলৈ সাজু হৈছে। যদিও ‘চন্দ্ৰযান-২’ অভিযান কেৱল আংশিকভাৱে সফল হৈছিল যিহেতু ‘লেণ্ডাৰ’য়ে ক্ষীপ্ৰ অৱতৰণৰ মুহূৰ্তত সম্পৰ্ক হেৰুৱাইছিল, ‘ইছৰো’ৱে ‘চন্দ্ৰযান-৩’ লেণ্ডাৰ মডিউল আৰু এতিয়াও প্ৰদক্ষিণ কৰি থকা ‘চন্দ্ৰযান-২’ৰ ‘অৰ্বিটাৰ’ৰ মাজত সফলতাৰে দ্বিমুখী যোগাযোগ স্থাপন কৰিছিল। ইয়াৰ পূৰ্বে আজি ‘ইছৰো’ৱে ‘চন্দ্ৰযান-৩’ৰ দ্বাৰা তোলা চন্দ্ৰৰ প্ৰত্যন্ত অঞ্চলৰ নতুন ছবি শ্বেয়াৰ কৰে।

আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া আৰু চীনৰ পিছত এই কৃতিত্ব অৰ্জন কৰা ভাৰত হ'ব বিশ্বৰ চতুৰ্থখন দেশ, কিন্তু চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা ভাৰত হ'ব বিশ্বৰ একমাত্ৰ দেশ।

‘চন্দ্ৰযান-৩’ অভিযানৰ প্ৰাথমিক তিনিটা উদ্দেশ্য হৈছে (ক)চন্দ্ৰপৃষ্ঠত সুৰক্ষিত আৰু মসৃণ অৱতৰণ প্ৰদৰ্শন কৰা; (খ) চন্দ্ৰত ঘূৰি-ফুৰা ৰোভাৰ প্ৰদৰ্শন কৰা, আৰু (গ) যথা স্থানৰ বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা সম্পন্ন কৰা।

ড০ জীতেন্দ্ৰ সিঙে স্মৰণ কৰে যে ‘চন্দ্ৰযান’ৰ শৃংখলাৰ প্ৰথমটো, অৰ্থাৎ ‘চন্দ্ৰযান-১’য়ে চন্দ্ৰপৃষ্ঠত পানীৰ উপস্থিতি আৱিষ্কাৰ কৰাৰ বাবে কৃতিত্ব লাভ কৰিছিল, যিটো বিশ্বৰ বাবে এক নতুন উন্মোচন আছিল আৰু আনকি আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাছা (নেশ্যনেল এৰোনটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন)ৰ দৰে আটাইতকৈ অগ্ৰণী মহাকাশ সংস্থাসমূহো এই আৱিষ্কাৰৰ দ্বাৰা আকৰ্ষিত হৈছিল আৰু এই তথ্য তেওঁলোকৰ পৰীক্ষা-নিৰীক্ষাৰ বাবে ব্যৱহাৰ কৰা হৈছিল।

২০২৩ চনৰ ১৪ জুলাইত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ ‘সতীশ ধাৱান মহাকাশ কেন্দ্ৰ’ৰ পৰা ‘জিএছএলভি মাৰ্ক ৩’ (এলভিএম ৩) ‘হেভি-লিফ্ট উৎক্ষেপণ বাহন’ৰ জৰিয়তে দুপৰীয়া ২:৩৫ বজাত চন্দ্ৰযান-৩ৰ অভিযান আৰম্ভ কৰা হৈছিল।



(Release ID: 1951242) Visitor Counter : 137