প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
৭৭সংখ্যক স্বাধীনতা দিৱস উপলক্ষে শুভেচ্ছা জনোৱা বিশ্ব নেতাসকলক ধন্যবাদ প্ৰধানমন্ত্ৰীৰ
Posted On:
15 AUG 2023 4:21PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৭সংখ্যক স্বাধীনতা দিৱস উপলক্ষে শুভেচ্ছা জনোৱা বিশ্ব নেতাসকলক ধন্যবাদ জনাই৷
মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ এক টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;
“স্বাধীনতা দিৱসৰ শুভেচ্ছা জনোৱাৰ বাবে ৰাষ্ট্ৰপতি ইব্ৰাহিম মহম্মদ ছলীহ, আপোনাক ধন্যবাদ জনাইছোঁ৷”
ভুটানৰ প্ৰধানমন্ত্ৰীৰ এক টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়,
“স্বাধীনতা দিৱসৰ শুভেচ্ছা জনোৱাৰ বাবে ভুটানৰ প্ৰধানমন্ত্ৰী ড০ লোটে শ্বেৰিং, আপোনাক কৃতজ্ঞতা জনাইছোঁ৷”
নেপালৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়,
“শুভেচ্ছাৰ বাবে প্ৰধানমন্ত্ৰী পুষ্প কমল দাহাল প্ৰচন্দ, আপোনাক ধন্যবাদ জনাইছোঁ৷”
ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ এক টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়,
“ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’, আপোনাৰ শুভেচ্ছাৰ ধন্যবাদ৷ মই মোৰ পেৰিছ ভ্ৰমণৰ কথা মনত পেলাইছো আৰু ভাৰত-ফ্ৰান্সৰ সম্পৰ্ক বৃদ্ধিৰ প্ৰতি আপোনাৰ আগ্ৰহক প্ৰশংসা কৰিছোঁ।"
মৰিচাচৰ প্ৰধানমন্ত্ৰীৰ এক টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়,
“আপোনাৰ আন্তৰিক শুভেচ্ছাৰ বাবে প্ৰধানমন্ত্ৰী প্ৰবিন্দ কুমাৰ জগনাথক ধন্যবাদ জনাইছোঁ৷”
*****
(Release ID: 1949961)
Visitor Counter : 116
Read this release in:
Odia
,
Gujarati
,
Marathi
,
Hindi
,
Punjabi
,
Tamil
,
Telugu
,
Kannada
,
Malayalam
,
Bengali
,
Manipuri
,
English
,
Urdu