কেবিনেট
azadi ka amrit mahotsav

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ‘কৰ্তৃত্বপ্ৰাপ্ত অৰ্থনৈতিক সঞ্চালক’ৰ ‘পাৰস্পৰিক স্বীকৃতি ব্যৱস্থা’লৈ অনুমোদন কেবিনেটৰ

प्रविष्टि तिथि: 16 AUG 2023 4:30PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট সভাই ভাৰত চৰকাৰৰ ৰাজহ বিভাগৰ কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু শুল্ক পৰিষদ (চিবিআইচি),আৰু অষ্ট্ৰেলিয়াৰ সীমান্ত বাহিনী অন্তৰ্ভূক্ত অষ্ট্ৰেলিয়া চৰকাৰৰ গৃহ পৰিক্ৰমা বিভাগৰ মাজত সম্পাদিত ‘পাৰস্পৰিক স্বীকৃতি ব্যৱস্থা’ (এমআৰএ)ত স্বাক্ষৰ তথা অনুমোদনক স্বীকৃতি জনায়।

এই ব্যৱস্থাৰ উদ্দেশ্য হৈছে আমদানিকৰ্তা দেশৰ শুল্ক কৰ্তৃপক্ষৰ দ্বাৰা সামগ্ৰী মোকলাই দিয়াৰ ক্ষেত্ৰত উভয়পক্ষৰ স্বীকৃত আৰু বিশ্বাসী ৰপ্তানিকৰ্তাসকলক পাৰস্পৰিক লাভ প্ৰদান কৰা। কৰ্তৃত্বপ্ৰাপ্ত অৰ্থনৈতিক সঞ্চালকৰ পাৰস্পৰিক স্বীকৃতি হৈছে বিশ্ব শুল্ক সংস্থাৰ মানক ‘এছএএফই ফ্ৰেমৱৰ্ক’ৰ এক মুখ্য উপাদান, যাতে বিশ্ব  পৰ্যায়ত বাণিজ্যৰ বাবে উচ্চ সুবিধা প্ৰদান কৰাৰ সময়ত যোগান শৃংখলাৰ ইমূৰ-সিমূৰৰ সুৰক্ষা শক্তিশালী কৰাৰ বাবে গোলকীয় বাণিজ্য সুৰক্ষিত আৰু সহজ কৰি তুলিব পৰা যায়। এই ব্যৱস্থাই  অষ্ট্ৰেলিয়ালৈ ৰপ্তানীৰ ক্ষেত্ৰত আমাৰ ৰপ্তানিকৰ্তাসকলক লাভান্বিত কৰিব আৰু ইয়াৰ দ্বাৰা দুয়োখন দেশৰ মাজত বাণিজ্যিক সম্পৰ্ক বৃদ্ধি পাব।

অষ্ট্ৰেলিয়াত ‘অষ্ট্ৰেলিয়ান ট্ৰাষ্টেড ট্ৰেডাৰ প্ৰগ্ৰাম’ আৰু ভাৰতত ‘কৰ্তৃত্বপ্ৰাপ্ত অৰ্থনৈতিক সঞ্চালক কাৰ্যসূচী’ৰ পাৰস্পৰিক স্বীকৃতি দুয়োখন দেশৰ কৰ্তৃত্বপ্ৰাপ্ত প্ৰতিনিধিৰ দ্বাৰা স্বাক্ষৰ কৰাৰ তাৰিখৰ পৰা কাৰ্যকৰী হ'ব। প্ৰস্তাৱিত পাৰস্পৰিক স্বীকৃতি ব্যৱস্থাৰ পাঠ দুয়োখন দেশৰ শুল্ক প্ৰশাসনৰ সন্মতিৰ সৈতে চূড়ান্ত কৰা হৈছে।

*****


(रिलीज़ आईडी: 1949702) आगंतुक पटल : 181
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam