সাংস্কৃতিক মন্ত্ৰালয়

দেশৰ বাবে নিজৰ প্ৰাণাহুতি দিয়া ‘বীৰযোদ্ধা’সকললৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ অৰ্থে “মেৰী মাটি মেৰা দেশ” অভিযানৰ আয়োজন

গাঁৱৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈ দেশজোৰা গণ-অংশগ্ৰহণ কাৰ্যসূচীৰ আয়োজন

Posted On: 03 AUG 2023 7:50PM by PIB Guwahati

ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অলপতে ‘মন কী বাত’ অনুষ্ঠান সম্প্ৰচাৰৰ সময়ত ‘মেৰী মাটি মেৰা দেশ’ শীৰ্ষক এক অভিযানৰ কথা ঘোষণা কৰিছিল। এই অভিযানৰ লক্ষ্য হৈছে দেশৰ বাবে প্ৰাণাহুতি দিয়া স্বাধীনতা সংগ্ৰামী আৰু বীৰ সৈনিক সকলক সন্মান জনোৱা। বীৰ সৈনিকসকলক স্মৰণ কৰাৰ উদ্দেশ্যে সমগ্ৰ দেশতে বিভিন্ন কাৰ্যসূচী ৰূপায়েৰে অনুষ্ঠিত কৰা হ'ব এই অভিযান। তেওঁলোকৰ স্মৃতিত গাওঁ পঞ্চায়তবোৰত অমৃত সৰোবৰবোৰৰ কাষে কাষে স্থাপন কৰা হ’ব শিলাফলকম বা স্মাৰক ফলক। আজি এই তথ্য এক যুটীয়া সংবাদমেলযোগে সদৰী কৰে তথ্য আৰু সম্প্ৰচাৰ আৰু দূৰসংযোগ বিভাগৰ সচিব শ্ৰী অপূৰ্ব চন্দ্ৰৰ লগতে সাংস্কৃতিক বিভাগৰ সচিব শ্ৰী গোবিন্দ মোহন আৰু যুৱ পৰিক্ৰমা বিভাগৰ সচিব শ্ৰীযুতা মীতা ৰাজীৱলোচনে। 

সংবাদমেলত ভাষণ দি শ্ৰী অপূৰ্ব চন্দ্ৰই কয় যে ভাৰতৰ স্বাধীনতাৰ ৭৫তম বৰ্ষপূৰ্তি উপলক্ষে আয়োজন কৰা আজাদী কা অমৃত মহোৎসৱৰ সামৰণি অনুষ্ঠান হিচাপে বিবেচিত হ’ব ‘মেৰী মাটি মেৰা দেশ’। বিগত বৰ্ষত আয়োজন কৰা ‘হৰ ঘৰ ত্ৰিৰঙ্গা’ অভিযানে সমগ্ৰ দেশজুৰি ব্যাপক সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল আৰু ঠিক একেদৰেই এইবাৰ আজাদী কা অমৃত মহোৎসৱৰ অধীনত আয়োজন কৰা অভিলাষী কাৰ্যসূচী ‘মেৰী মাটি মেৰা দেশ’ আৰম্ভ কৰা হৈছে বুলিও তেওঁ সদৰী কৰে। তেওঁ লগতে কয় যে দেশৰ বীৰ সৈনিক যোদ্ধাসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে শিলাফলকম স্থাপন কৰা, ‘মিট্টি কা নমন’ আৰু ‘বীৰো কা বন্দন’ হৈছে ‘মেৰী মাটি মেৰা দেশ’ অভিযানৰ মূল উপাদান। উল্লেখ্য যে বিগত বৰ্ষৰ দৰেকৈ এইবাৰো ‘হৰ ঘৰ ত্ৰিৰঙা’ আয়োজন কৰা হ’ব যদিও ‘মেৰী মাটি মেৰা দেশ’ৰ এক গুৰুত্বপূৰ্ণ উপাদান হিচাপে সেয়া সংযোজিত হৈ থাকিব বুলিও কয় শ্ৰী অপূৰ্ব চন্দ্ৰই। সচিবগৰাকীয়ে এই অভিযান সন্দৰ্ভত সজাগতা সৃষ্টি আৰু ইয়াক দেশৰ প্ৰতিটো কোণলৈ লৈ যোৱাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ ভূমিকাৰ ওপৰতো আলোকপাত কৰে।

ইফালে সাংস্কৃতিক বিভাগৰ সচিব শ্ৰী গোবিন্দ মোহনে উল্লেখ কৰে যে এই অভিযানত স্বাধীনতা সংগ্ৰামী আৰু নিৰাপত্তা বাহিনীৰ বাবে উৎসৰ্গিত শিলাফলকম স্থাপনৰ দৰে কাৰ্যসূচীৰ লগতে পঞ্চ প্ৰাণ প্ৰতিজ্ঞা, বসুধ বন্দন, বীৰো কা বন্দন আদি পদক্ষেপৰ মাজেৰে আমাৰ শ্বহীদ বীৰ জোৱানসকললৈ শ্ৰদ্ধা জ্ঞাপন কৰা হ’ব। গাঁও, পঞ্চায়ত, ব্লক, চহৰ, নগৰ, পৌৰসভা আদিৰ পৰা অহা স্থানীয় বীৰ জোৱানৰ ত্যাগক প্ৰণাম জনাই শিলাফলকম বা স্মৃতিফলক সমগ্ৰ চহৰ আৰু গ্ৰামাঞ্চলত স্থাপন কৰিব লাগিব। ইয়াত সেই অঞ্চলৰ অন্তৰ্গত জাতিটোৰ বাবে প্ৰাণ আহুতি দিয়াসকলৰ নামৰ লগতে প্ৰধানমন্ত্ৰীৰ বাৰ্তাও থাকিব।

ইফালে শ্ৰী গোবিন্দ মোহনে কয় যে এই অভিযান হৈছে ২০২১ চনৰ ১২ মাৰ্চৰ পৰা আৰম্ভ হোৱা ‘আজাদী কা অমৃত মহোৎসৱ’ৰ সামৰণি অনুষ্ঠান, আৰু ই সমগ্ৰ ভাৰতত ২ লাখৰো অধিক কাৰ্যসূচীৰ সফল আয়োজন কৰি জনসাধাৰণৰ ব্যাপক অংশগ্ৰহণৰ সাক্ষী হৈছে। উল্লেখ্য যে ৯ আগষ্টৰ পৰা ৩০ আগষ্ট ২০২৩ তাৰিখলৈ 'মেৰী মাটি মেৰা দেশ' অভিযানত গাঁও, আৰু ব্লক পৰ্যায়ত, স্থানীয় নগৰ সংস্থাসমূহৰ দ্বাৰা আৰু ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰ্যসূচীসমূহ অন্তৰ্ভুক্ত কৰা হ'ব। 

তেওঁ লগতে কয় যে দিল্লীত এখন ‘অমৃত ভাটিকা’ গঢ়ি তুলিবলৈ দেশৰ প্ৰতিটো প্ৰান্তৰ পৰাই ৭৫০০ টা কলহত মাটি কঢ়িয়াই আনি ‘অমৃত কলহ যাত্ৰা’ অনুষ্ঠিত কৰা হ’ব। এই ‘অমৃত ভাটিকা’ই ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ প্ৰতি দায়বদ্ধতাৰ প্ৰতীক হ’ব।

 

সবিশেষ বিৱৰণ দাঙি ধৰি সাংস্কৃতিক সচিবগৰাকীয়ে কয় যে গণ অংশগ্ৰহণ (জন ভাগীদাৰী) ক উৎসাহিত কৰিবলৈ https://merimaatimeradesh.gov.in শীৰ্ষক এটা ৱেবছাইট মুকলি কৰা হৈছে, য’ত জনসাধাৰণে মাটি বা মাটিৰ চাকি হাতেৰে ধৰি চেলফি আপলোড কৰিব পাৰে। ইয়াৰ যোগেদি তেওঁলোকে ‘পঞ্চ প্ৰাণ’ৰ প্ৰতিজ্ঞা গ্ৰহণ কৰে। এই পঞ্চপ্ৰাণৰ উদ্দেশ্য হৈছে ক্ৰমে - ভাৰতক এখন উন্নত দেশ হিচাপে গঢ়ি তোলা, দাসত্বৰ মানসিকতা দূৰ কৰা, আমাৰ চহকী ঐতিহ্যক লৈ গৌৰৱ কৰা, ঐক্য আৰু সংহতি ৰক্ষা কৰা, নাগৰিক হিচাপে কৰ্তব্য পালন কৰা, আৰু দেশক সুৰক্ষা দিয়াসকলক সন্মান কৰা। পঞ্চপ্ৰাণৰ প্ৰতিজ্ঞা লোৱাৰ পিছত তেওঁলোকে ৱেবছাইটৰ পৰা অংশগ্ৰহণৰ ডিজিটেল প্ৰমাণপত্ৰ ডাউনলোড কৰিব পাৰিব। যোৱা বছৰ “হৰ ঘৰ ত্ৰিৰঙ্গা” কাৰ্যসূচী সকলোৰে অংশগ্ৰহণৰ বাবেই এক বৃহৎ সফল অভিযান হিচাপে পৰিগণিত হৈছিল। এইবছৰো ‘হৰ ঘৰ ত্ৰিৰঙ্গা’ কাৰ্যসূচী ১৩ -১৫ আগষ্ট, ২০২৩ ৰ ভিতৰত উদযাপন কৰা হ'ব। ভাৰতীয়সকলে সকলোতে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি তাৰ সৈতে চেলফি ক্লিক কৰি হৰ ঘৰ ত্ৰিৰঙ্গাৰ ৱেবছাইটত আপলোড কৰিব পাৰিব। (harghartiranga.com)।

 

যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ সচিব শ্ৰীযুতা মীতা ৰাজীৱলোচনে জনায় যে দেশজোৰা অভিযানৰ সবিশেষ https:// yuva.gov.in/meri_maati_mera_desh পৰ্টেলত উপলব্ধ হ’ব। ‘মেৰী মাটি মেৰা দেশ’ অভিযানৰ অধীনত বিভিন্ন কাৰ্যসূচীৰ প্ৰাসংগিক তথ্য এই পৰ্টেলত চোৱাৰ উপৰি, যুৱক-যুৱতীসকলেও তেওঁলোকৰ চেলফি আৰু গছপুলি ৰোপণৰ দৰে কাম-কাজ আপলোড কৰি এই পৰ্টেলৰ জৰিয়তে উক্ত অভিযানত অংশগ্ৰহণ কৰিব পাৰিব। যুৱক-যুৱতীসকলক উৎসাহেৰে এই অভিযানত অংশগ্ৰহণ কৰিবলৈ তেওঁ আহ্বান জনায় আৰু লগতে দেশজোৰা অই কাৰ্যসূচীৰ জৰিয়তে দেশৰ বীৰ জোৱানসকল আৰু আমাৰ মাতৃভূমিৰ প্ৰতি আমাৰ শ্ৰদ্ধাঞ্জলি জনাবলৈ আহ্বান জনায়।

 

 

প্ৰসাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী গৌৰৱ দ্বিবেদীয়ে প্ৰসাৰ ভাৰতীৰ আকাশবাণী, দূৰদৰ্শন আৰু অন্যান্য ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে ‘মেৰী মাটি মেৰা দেশ’ অভিযানৰ সংবাদ মাধ্যমৰ কভাৰেজৰ সবিশেষ প্ৰদান কৰে।

‘মেৰী মাটি মেৰা দেশ’ অভিযান চলিত বৰ্ষৰ অহা ৯ আগষ্টৰ পৰা আৰম্ভ হ’ব আৰু ২০২৩ চনৰ ১৫ আগষ্টলৈকে স্বাধীনতা দিৱসৰ বাবে নিৰ্ধাৰিত কাৰ্যসূচীৰে চলিব। পৰৱৰ্তী অনুষ্ঠানসমূহ ২০২৩ চনৰ ১৬ আগষ্টৰ পৰা ব্লক, পৌৰসভা/নিগম, আৰু ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত হ’ব। ২০২৩ চনৰ ৩০ আগষ্ট তাৰিখে, নতুন দিল্লীৰ কৰ্তব্য পথত ভালেমান বিশিষ্ট ব্যক্তিৰ উপস্থিতিত সামৰণি অনুষ্ঠান অনুষ্ঠিত হ'ব।

 

****



(Release ID: 1945625) Visitor Counter : 214