প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘লোকমান্য তিলক’ক তেওঁৰ পুণ্য তিথিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰীয়ে ‘লোকমান্য তিলক ৰাষ্ট্ৰীয় বঁটা’ গ্ৰহণ কৰিব

Posted On: 01 AUG 2023 8:29AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘লোকমান্য তিলক’ৰ পুণ্য তিথিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। 

শ্ৰী মোদীয়ে আজি পুনেত ‘লোকমান্য তিলক ৰাষ্ট্ৰীয় বঁটা’ গ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে পুনেত এলানি উন্নয়নমূলক প্ৰকল্প আধাৰশিলা স্থাপন কৰাৰ লগতে বহুকেইটা প্ৰকল্প উদ্বোধনো কৰিব।

এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে;

"মই ‘লোকমান্য তিলক’ক তেওঁৰ পুণ্য তিথিত শ্ৰদ্ধাঞ্জলি জনাইছোঁ। মই আজি পুনেলৈ যাম, য'ত মই ‘লোকমান্য তিলক ৰাষ্ট্ৰীয় বঁটা’ গ্ৰহণ কৰিম। মোক এই বঁটা প্ৰদান কৰাৰ বাবে মই সঁচাকৈয়ে বাধিত অনুভৱ কৰিছোঁ, যিটো বঁটা আমাৰ ইতিহাসৰ ইমান এগৰাকী মহান ব্যক্তিত্বৰ কামৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত।"

"মই এলানি উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰাৰ লগতে আন কেইবাটাও প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিম।"

 

I pay homage to Lokmanya Tilak on his Punya Tithi. I will be in Pune today, where I will accept the Lokmanya Tilak National Award. I am indeed humbled that I have been conferred this award which is closely associated with the work of such a great personality of our history.

— Narendra Modi (@narendramodi) August 1, 2023

 

 

***



(Release ID: 1944974) Visitor Counter : 95