প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে তামিলনাডুৰ কৃষ্ণগিৰিত এটা ফটকা ফেক্টৰীত দুৰ্ঘটনাত হোৱা মৃত্যুত দুখ প্ৰকাশ কৰে
পীড়িতসকলৰ বাবে অনুগ্ৰহ ৰাশি ঘোষণা কৰে
प्रविष्टि तिथि:
29 JUL 2023 4:32PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ কৃষ্ণগিৰিত এটা ফটকা ফেক্টৰীত দুৰ্ঘটনাত হোৱা মৃত্যুত দুখ প্ৰকাশ কৰিছে। তেওঁ ঘোষণা কৰে যে প্ৰত্যেক মৃতকৰ আত্মীয়ক পিএমএনআৰএফৰ পৰা ২ লাখকৈ টকাৰ অনুগ্ৰহ ৰাশি দিয়া হ'ব। আহতসকলক ৫০,০০০ টকাকৈ দিয়া হ'ব।
প্ৰধানমন্ত্ৰী কাৰ্যালয়ে টুইট কৰিছে:
"তামিলনাডুৰ কৃষ্ণগিৰিত এটা ফটকা ফেক্টৰীত হোৱা দুখজনক দুৰ্ঘটনাত অত্যন্ত দুখ পাইছোঁ, যাৰ পৰিণতিত বহুমূলীয়া জীৱনৰ হানি হ'ল। এই অতি কঠিন সময়ত মোৰ সমবেদনা আৰু প্ৰাৰ্থনা পীড়িত পৰিয়ালৰ সৈতে আছে। ভগৱানে কৰক, আহত ব্যক্তিসকল শীঘ্ৰেই সুস্থ হৈ উঠক। প্ৰত্যেক মৃতকৰ আত্মীয়ক পিএমএনআৰএফৰ পৰা ২ লাখকৈ টকাৰ অনুগ্ৰহ ৰাশি দিয়া হ'ব। আহতসকলক ৫০,০০০ টকাকৈ দিয়া হ'ব: প্ৰধানমন্ত্ৰী"
**********
(रिलीज़ आईडी: 1944178)
आगंतुक पटल : 121
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam