প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

সংসদত বৰ্ষাকালীন অধিবেশনৰ পূৰ্বে প্রধানমন্ত্রীৰ বিবৃতিৰ অসমীয়া অনুবাদ

Posted On: 20 JUL 2023 11:55AM by PIB Guwahati

নমস্কাৰ বন্ধুসকল,

বৰ্ষাকালীন অধিৱেশনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পৱিত্র শাওন মাহ চলিছে। এইবাৰ  শাওন মাহৰ সময়ো কিছু দীঘল। শাওন মাহক  সঙ্কল্পৰ বাবে আৰু পৱিত্র কামৰ বাবে অত্যন্ত শ্রেষ্ঠ বুলি ভবা হয়। আজি গণতন্ত্রৰ এই মন্দিৰত আমি শাওনৰ পৱিত্র মাহত আপোনালোকৰ সৈতে মিলিত হৈছোঁ। গণতন্ত্রৰ এই মন্দিৰত এনে বহু পৱিত্র কাম কৰাৰ ইয়াতকৈ ভাল সুযোগ আৰু একোৱেই হ'ব নোৱাৰে। মোৰ বিশ্বাস, সকলো মাননীয় সাংসদ মিলি এই অধিৱেশনক জনগণৰ বাবে সবাতোকৈ বেছি কার্যকৰী কৰি তুলিব।

সংসদৰ যি দায়িত্ব আৰু ইয়াত উপস্থিত সকলো সাংসদৰ যি দায়িত্ব আছে তাৰ ভিতৰত বহু আইন প্ৰস্তুত কৰা আৰু এই বিষয়ে বিস্তাৰিত আলোচনা কৰাৰ দৰে জৰুৰী কাম আছে। এইবোৰ বিষয়ত আলোচনা যিমান বেছি হ'ব সিমানেই জনগণৰ কল্যাণত বিশেষ ভূমিকা পালন কৰা সম্ভব হ'ব। এই অধিৱেশনলৈ যি মাননীয় সাংসদসকল আহিব তেওঁলোক ভূমিৰ সৈতে জড়িত আছে। জনগণৰ দুখ, কষ্ট তেওঁলোকে অনুভৱ কৰে। আৰু এইবাবেই যেতিয়া আলোচনা হয় তেতিয়া তেওঁলোকৰ ফালৰ পৰা যি চিন্তাভাবনা প্রকাশিত হয় সেয়া একেবাৰে তৃণমূল স্তৰত যুক্ত থাকে। এইবাবেই এই আলোচনাবোৰ সমৃদ্ধ হয় আৰু তাৰ পৰা উদ্ভুত ফলাফলো বহু বেছি মজবুত তথা কার্যকৰী হয়। এইবাবেই সকলো ৰাজনৈতিক দল, সকলো মাননীয় সাংসদৰ বাবে এই অধিৱেশনৰ যথাযথ ব্যৱহাৰৰ মাধ্যমত জনগণৰ কল্যাণৰ বাবে কাম আৰু আগুৱাই লৈ যোৱাৰ আহ্বান জনাওঁ।

এই অধিৱেশন বিভিন্নভাৱে গুৰুত্বপূর্ণ কাৰণ, এই অধিৱেশনত যি বিলসমূহ অনা হৈছে সেইসমূহ পোনপটীয়াকৈ জনগণৰ কল্যাণৰ সৈতে জড়িত। আমাৰ তৰুণ প্রজন্মই এতিয়া সম্পূর্ণভাৱে ডিজিটেল ক্ষেত্রত এক প্রকাৰ নেতৃত্ব দিছে। এই সময়ত তথ্য সংৰক্ষণ বিল দেশৰ সকলো নাগৰিকৰ এক নতুন বিশ্বাস প্রদানকাৰী বিল হ'ব। বিশ্বত ভাৰতৰ স্থান আগবঢ়াবলৈ সাহায্য কৰিব এই বিলে। একেদৰে, জাতীয় গৱেষণা ফাউণ্ডেশ্যন শিক্ষানীতিক সফল কৰাৰ বাবে এক উল্লেখযোগ্য পদক্ষেপ। ইয়াৰ ব্যৱহাৰে গৱেষণা ক্ষেত্রক মজবুত কৰিব আৰু উদ্ভাৱন ক্ষেত্রক শক্তিশালী কৰিব। সমান্তৰালকৈ, আমাৰ তৰুণ প্রজন্ম যি বর্তমান তেওঁলোকৰ নানাবিধ কামৰ মাধ্যমত বিশ্বক নেতৃত্ব দিয়াৰ ক্ষমতা ৰাখে তেওঁলোকৰ বাবে এক উল্লেখযোগ্য সুযোগ সৃষ্টি হ'ব। 

জনগণৰ বিশ্বাস সৃষ্টি কৰা আৰু বিভিন্ন আইন সম্প্রসাৰণৰ ক্ষেত্রত বিশেষ গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব এই বিলে। একেদৰে যি পুৰণি আইনবিলাক আছে সেইবিলাক বাতিল কৰাৰ বাবেও এখন বিলৰ সংস্থান ৰখা হৈছে। আমাৰ ইয়াত বহু বছৰ ধৰি এটা ঐতিহ্য আছে যে যেতিয়া কোনো বিষয়ত বিবাদ সৃষ্টি হয়, তেতিয়া আলোচনাৰ মাধ্যমত সেয়া সমাধান কৰা হয়। 

ধ্যান বা মেডিটেশ্যনৰ ঐতিহ্য আমাৰ দেশত বহু বছৰ ধৰি আছে। এই ধ্যান বা মেডিটেশ্যনক এতিয়া আইনী মান্যতা দি অনা হৈছে ‘মেডিটেশ্যন বিল’। একেদৰে, ডেণ্টেল মিশ্যনৰ বাবে যি বিল অনা হৈছে সি ডেণ্টেল কলেজৰ বাবে ছাত্রছাত্রীসকলক এক নতুন ব্যৱস্থাৰ সুযোগ কৰি দিব। 

এইধৰণৰ বহু গুৰুত্বপূর্ণ বিল এইবাৰ সংসদৰ এই অধিৱেশনত অনা হৈছে যি জনকল্যাণকৰ আৰু তৰুণ প্রজন্মৰ বাবে বিশেষ উপকাৰী হ'ব। এইসমূহ ভাৰতৰ উজ্জ্বল ভৱিষ্যতৰ বাবে অনা হৈছে। মই বিশ্বাস কৰোঁ, এই সংসদত এই বিলসমূহৰ ওপৰত বিস্তাৰিত আলোচনা কৰি আমি দ্রুত দেশৰ উপকাৰৰ বাবে এই গুৰুত্বপূর্ণ পদক্ষেপক আগুৱাই লৈ যাব পাৰিম।

বন্ধুসকল,

আজি যেতিয়া মই আপোনালোকৰ মাজলৈ আহিছোঁ আৰু এই গণতন্ত্রৰ মন্দিৰৰ কাষত থিয় হওঁ, তেতিয়া মোৰ মন ভাৰাক্রান্ত। মই ক্ষুব্ধ। মণিপুৰৰ যি ঘটনা আমাৰ সন্মুখলৈ আহিছে সেয়া যে যিকোনো সভ্য সমাজৰ বাবেই লজ্জাজনক ঘটনা। যিসকলে অপৰাধ কৰিছে, পাপ কৰিছে তেওঁলোকে হয়তো নিজৰ ঠাইত এই কাম কৰিছে কিন্তু অসন্মানিত হৈছে সমগ্ৰ দেশ। ১৪০ কোটি দেশবাসী লজ্জিত হ'বলগীয়া হৈছে। মই সকলো মুখ্যমন্ত্রীকে আবেদন জনাওঁ যে তেওঁলোকে যেন নিজৰ নিজৰ ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি আৰু মজবুত কৰে বিশেষকৈ, আমাৰ মা-ভগ্নীসকলৰ ৰক্ষাৰ বাবে কঠোৰৰ পৰা কঠোৰতৰ পদক্ষেপ গ্রহণ কৰক। ঘটনা ৰাজস্থানৰেই হওক বা ছত্তিশগড়ৰ কিংবা ঘটনা হওক মণিপুৰৰ, দেশৰ যিকোনো স্থানৰ যিকোনো ৰাজ্যৰ চৰকাৰৰেই উচিত ৰাজনৈতিক বাক-বিতণ্ডা আঁতৰাই ৰাখি আইন-শৃংখলা পৰিস্থিতিক গুৰুত্ব দিয়া, মহিলাসকলক সন্মান দিয়া। মই দেশবাসীক এই বিশ্বাস দিব বিচাৰোঁ যে কোনো অপৰাধীকেই এৰি দিয়া নহ'ব। আইনে তাৰ নিজৰ সম্পূর্ণ শক্তিৰে অপৰাধীৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতৰ পদক্ষেপ গ্রহণ কৰিব। মণিপুৰৰ কন্যাসকলৰ ক্ষেত্ৰত যি হৈছে সেয়া কেতিয়াও ক্ষমা কৰা নহ'ব। 

বহুত বহুত ধন্যবাদ বন্ধুসকল।

 

 **********



(Release ID: 1941618) Visitor Counter : 108