প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

উত্তৰ প্ৰদেশৰ গোড়খপুৰ ৰেলৱে ষ্টেচনৰ পৰা দুখন বন্দে ভাৰত ৰে’লৰ ফ্লেগ অফ প্ৰধানমন্ত্ৰীৰ

গোড়খপুৰ ৰেলৱে ষ্টেচনৰ পুনৰ উন্নয়নৰ আধাৰশিলা স্থাপন

Posted On: 07 JUL 2023 8:09PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ গোড়খপুৰ ৰেলৱে ষ্টেচনৰ পৰা দুখন বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লৰ ফ্লেগ অফ কৰে। বন্দে ভাৰত ৰে’ল দুখন হ’ল গোড়খপুৰ–লক্ষ্ণৌ বন্দে ভাৰত এক্সপ্ৰেছ আৰু যোধপুৰ–আহমেদাবাদ (সাবৰমতী) বন্দে ভাৰত এক্সপ্ৰেছ। প্রধানমন্ত্রীয়ে প্রায় ৪৯৮ কোটি টকা ব্যয় সাপেক্ষে গোৰখপুৰ ৰে’লৱে ষ্টেচনৰ পুনৰ উন্নয়নৰ আধাৰশিলাও স্থাপন কৰে আৰু প্ৰস্তাৱিত গোড়খপুৰ ৰেলৱে ষ্টেচনৰ মডেল পৰিদৰ্শন কৰে।
প্ৰধানমন্ত্ৰীৰ সৈতে উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দীবেন পেটেল, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰীযুত যোগী আদিত্যনাথ আৰু গোৰখপুৰ সাংসদ শ্ৰীযুত ৰবি কিষাণ উপস্থিত থাকে। 


***
 



(Release ID: 1940050) Visitor Counter : 71