গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়

খুচুৰা মূল্য বৃদ্ধি ৰোধ কৰিবলৈ প্ৰধান উপভোগ কেন্দ্ৰসমূহত বিতৰণৰ বাবে অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক আৰু মহাৰাষ্ট্ৰৰ পৰা বিলাহী ক্ৰয়ৰ নিৰ্দেশ গ্ৰাহক পৰিক্ৰমা বিভাগৰ

দিল্লী-ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলকে ধৰি কেতবোৰ স্পৰ্শকাতৰ স্থানত গ্ৰাহকক ৰেহাই মূল্যত বিতৰণ কৰা হ’ব বিলাহী

মাণ্ডিসমূহৰ পৰা বিলাহী ক্ৰয় কৰিব ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেচন আৰু ৰাষ্ট্ৰীয় সমবায় উপভোক্তা ফেডাৰেচনে

Posted On: 12 JUL 2023 12:46PM by PIB Guwahati

গ্ৰাহক পৰিক্ৰমা বিভাগে ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেচন (এনএএফইডি) আৰু ৰাষ্ট্ৰীয় সমবায় গ্ৰাহক ফেডাৰেচন (এনচিচিএফ)ক অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক আৰু মহাৰাষ্ট্ৰৰ মাণ্ডিৰ পৰা তৎকালীনভাৱে বিলাহী ক্ৰয় কৰিবলৈ নিৰ্দেশ দিছে, য’ত বিগত এমাহত খুচুৰা মূল্য সৰ্বাধিক বৃদ্ধি পোৱা প্ৰধান গ্ৰাহক কেন্দ্ৰসমূহত একেলগে বিতৰণ কৰিব পাৰি৷ এইদৰে মজুত কৰা বিলাহী চলিত সপ্তাহৰ শুকুৰবাৰৰ ভিতৰত দিল্লী-ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ গ্ৰাহকক খুচুৰা বিপণীৰ জৰিয়তে ৰেহাই মূল্যত বিতৰণ কৰা হ’ব৷

প্ৰচলিত মূল্য সৰ্বভাৰতীয় গড় হাৰৰ ওপৰত থকা কেন্দ্ৰসমূহত বিগত এমাহত খুচুৰা মূল্যৰ চৰম বৃদ্ধিৰ ভিত্তিত এইসমূহ বিক্ৰীৰ বাবে মুকলি কৰি দিবলৈ চিনাক্ত কৰা হৈছে। চিনাক্ত কৰা কেন্দ্ৰসমূহৰ ওচৰা-ওচৰি হ’লে ৰাজ্যসমূহৰ মূল উপভোগ কেন্দ্ৰসমূহৰ মধ্যস্থতাৰ মাজেৰে নিৰ্বাচিত কৰা হয়।

ভাৰতৰ প্ৰায় সকলো ৰাজ্যতে বিলাহী উৎপাদন হয় যদিও ইয়াৰ পৰিমাণ ভিন্ন হয়। ভাৰতৰ দক্ষিণ আৰু পশ্চিম অঞ্চলত সৰ্বোচ্চ উৎপাদন হয়, যিটোৱে সমগ্ৰ ভাৰতৰ উৎপাদনৰ ৫৬%-৫৮% অৰিহণা যোগায়। দক্ষিণ আৰু পশ্চিম অঞ্চলসমূহ উদ্বৃত্ত ৰাজ্য হোৱাৰ বাবে উৎপাদনৰ ঋতুৰ ওপৰত নিৰ্ভৰ কৰি অন্য বজাৰলৈ খাদ্য যোগান ধৰে। অঞ্চলভেদে উৎপাদনৰ বতৰো বেলেগ বেলেগ। ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰীলৈকে সৰ্বাধিক বিলাহী চপোৱা হয়। জুলাই-আগষ্ট আৰু অক্টোবৰ-নৱেম্বৰৰ সময়ছোৱাত সাধাৰণতে বিলাহীৰ উৎপাদন কম হয়। জুলাই মাহতো সাধাৰণে বাৰিষাৰ সময়, যাৰবাবে এই মাহত বিতৰণৰ ক্ষেত্ৰত অধিক প্ৰত্যাহ্বানে দেখা দিয়ে আৰু বৰ্ধিত পৰিবহণ ব্যয়ে মূল্যবৃদ্ধিত ইন্ধন যোগায়৷ বিলাহী ঋতুকালীন, সেয়েহে ইয়াৰ ৰোপণ আৰু চপোৱাৰ বতৰৰ চক্ৰ আৰু অঞ্চলসমূহে ইয়াৰ মূল্যৰ ভিন্নতাৰ বাবে মূলতঃ দায়ী। ঋতুকালীন স্বাভাৱিক দৰৰ বাহিৰে প্ৰতিকূল বতৰ আদিৰ বাবে সাময়িকভাৱে যোগান শৃংখলত ব্যাঘাত জন্মে আৰু শস্যৰ ক্ষতিৰ ফলত প্ৰায়ে হঠাতে মূল্যবৃদ্ধি হয়।

বৰ্তমান, গুজৰাট, মধ্যপ্ৰদেশ আৰু আন কিছুমান ৰাজ্যৰ বজাৰলৈ অহা যোগান বেছিভাগেই মহাৰাষ্ট্ৰৰ, বিশেষকৈ সতৰা, নাৰায়ণগাঁও আৰু নাছিকৰ, যিটো চলিত মাহৰ শেষলৈকে চলিব বুলি আশা কৰা হৈছে। অন্ধ্ৰ প্ৰদেশৰ মদনাপলে (চিট্টুৰ)তো পৰ্যাপ্ত পৰিমাণৰ বিলাহী আহি আছে। দিল্লী-ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চললৈ অহা বিলাহী মূলতঃ হিমাচল প্ৰদেশৰ আৰু কিছু পৰিমাণে কৰ্ণাটকৰ কোলাৰৰ পৰাও আহে।

নাছিক জিলাৰ পৰা শীঘ্ৰে নতুন শস্যৰ আগমনৰ সম্ভাৱনা আছে। তদুপৰি, আগষ্ট মাহত নাৰায়ণগাঁও আৰু ঔৰংগাবাদ বেল্টৰ পৰা অতিৰিক্ত যোগানৰ সম্ভাৱনা আছে। মধ্যপ্ৰদেশৰ পৰাও আগমন আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। সেই অনুসৰি, কম সময়ত ভিৰততে বিলাহীৰ দাম হ্ৰাস হোৱাৰ সম্ভাৱনা আছে।

***



(Release ID: 1939190) Visitor Counter : 126