প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মহাৰাষ্ট্ৰৰ বুলধনাত সংঘটিত বাছ দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক
পিএমএনআৰএফৰপৰা এক্স-গ্ৰেচিয়া ঘোষণা
পোষ্ট কৰা হৈছে:
01 JUL 2023 10:22AM by PIB Guwahati
মহাৰাষ্ট্ৰৰ বুলধনাত সংঘটিত বাছ দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে পিএমএনআৰএফৰপৰা প্ৰতিগৰাকী মৃতকৰ নিকট আত্মীয়লৈ ২ লাখ টকা আৰু আহতসকললৈ ৫০,০০০ টকাকৈ ঘোষণা কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এইদৰে টুইট কৰে;
“মহাৰাষ্ট্ৰৰ বুলধনাত সংঘটিত হোৱা ভয়াৱহ বাছ দুৰ্ঘটনাত শোকাহত হৈছো। মই প্ৰাণ হেৰুৱাসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলো। আহতসকলৰ আশু-আৰোগ্য কামনা কৰিছো। স্থানীয় প্ৰশাসনে ভুক্তভোগীসকলক সকলো ধৰণৰ সহায় আগবঢ়াইছে।”
“বুলধনাত সংঘটিত বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ নিকট আত্মীয়লৈ পিএমএনআৰএফৰপৰা ২ লাখ টকাকৈ আগবঢ়োৱা হ’ব। আহতসকললৈ ৫০,০০০ টকাকৈ আগবঢ়োৱা হ’ব।”
***
(ৰিলিজ আই ডি : 1936929)
অতিথি কক্ষ : 133
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam