প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ৰাষ্ট্ৰপতি পুটিনৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

দ্বিপাক্ষিক, আঞ্চলিক আৰু বৈশ্বিক বিষয়ত আলোচনা

আলোচনা আৰু কূটনীতিৰ বাবে আহ্বানৰ কথা দোঁহাৰে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 30 JUN 2023 7:02PM by PIB Guwahati

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাছিয়ান ৰাষ্ট্ৰপতি শ্ৰীযুত ভ্লাদিমিৰ পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে।

দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ লগতে পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু বৈশ্বিক বিষয়সমূহৰ ওপৰত মত বিনিময় কৰে।

ৰাষ্ট্ৰপতি পুটিনে ৰাছিয়াৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰে।

ইউক্ৰেইনৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আলোচনা আৰু কূটনীতিৰ আহ্বান দোঁহাৰে।

দুয়োগৰাকী নেতাই যোগাযোগত থাকিবলৈ আৰু দুয়োখন দেশৰ মাজত বিশেষ আৰু সুবিধাজনক কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ সন্মত হয়।

***


(रिलीज़ आईडी: 1936925) आगंतुक पटल : 194
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam