প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে এমেজনৰ অধ্যক্ষ তথা চিইঅ’ এণ্ড্ৰিউ আৰ জেছিক সাক্ষাৎ কৰে

Posted On: 24 JUN 2023 7:23AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৩ জুন, ২০২৩ত ৱাশ্বিংটন ডিচিত এমেজনৰ অধ্যক্ষ তথা চিইঅ'শ্ৰী এণ্ড্ৰিউ আৰ জেছিক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰী আৰু শ্ৰী জেছিয়ে ই-কমাৰ্চ ক্ষেত্ৰৰ ওপৰত আলোচনা কৰে। তেওঁলোকে ভাৰতত লজিষ্টিক ক্ষেত্ৰত এমেজনৰ সৈতে আগলৈ সহযোগৰ সম্ভাৱনাৰ ওপৰতো আলোচনা কৰে।

প্ৰধানমন্ত্ৰীয়ে ভাৰতত এমএছএমইৰ ডিজিটেলীকৰণক উদগনি দিয়াৰ এমেজনৰ পদক্ষেপৰ আদৰণি জনায়।

 

**********



(Release ID: 1935281) Visitor Counter : 80