প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘ৰক্তদান অমৃত মহোৎসৱ’ত ৰক্তদান কৰোতাসকলৰ শলাগ ল’লে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
14 JUN 2023 9:47PM by PIB Guwahati
‘বিশ্ব ৰক্তদাতা দিৱস’ত ৰক্তদানকাৰী আৰু ৰক্তদান অভিযানৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
"তেজ দিয়ক, প্লাজমা দিয়ক, জীৱন শ্বেয়াৰ কৰক, প্ৰায়ে শ্বেয়াৰ কৰক"ৰ বাৰ্তা প্ৰচাৰ কৰি আজি সমগ্ৰ দেশতে অতি উৎসাহেৰে বিশ্ব ৰক্তদাতা দিৱস উদযাপন কৰা হয় বুলি স্বাস্থ্য মন্ত্ৰালয়ে জানিবলৈ দিয়ে।
'ৰক্তদান অমৃত মহোৎসৱ'ৰ অংশ হিচাপে ৰক্তদাতাসকলক সম্বৰ্ধনা জনাই বিভিন্ন ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছিল।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰে:
"মই সকলো ৰক্তদাতাকে প্ৰশংসা কৰিছোঁ। তেওঁলোকৰ দয়াসুলভ কাৰ্য্যই অগণন জীৱন ৰক্ষা কৰে। ই ভাৰতৰ সেৱা আৰু সহানুভূতিৰ নীতিকে পুনৰ নিশ্চিত কৰে।"
***
(ৰিলিজ আই ডি : 1932639)
অতিথি কক্ষ : 148
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam