প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্তালাপ

দুয়োগৰাকী নেতাই ব্ৰিকছত সহযোগিতাকে ধৰি দ্বিপাক্ষিক, আঞ্চলিক আৰু আন্তৰ্জাতিক বিভিন্ন বিষয়সমূহৰ পৰ্যালোচনা কৰে

ৰাষ্ট্ৰপতি ৰামাফোছাই আফ্ৰিকান নেতাসকলৰ শান্তি প্ৰচেষ্টাৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰে

আলোচনা আৰু কূটনৈতিক প্ৰচেষ্টাৰ মাধ্যমেৰে বিভিন্ন সমস্যা সমাধান কৰা হ’ব বুলি পুনৰায় ব্যক্ত কৰে প্ৰধানমন্ত্ৰীয়ে

জি-২০ সভাপতিত্বৰ দায়িত্ব পালনৰ ক্ষেত্ৰত ভাৰতক সকলোধৰণৰ সহায়ৰ আশ্বাস দিয়ে ৰাষ্ট্ৰপতি ৰামাফোছাই

Posted On: 10 JUN 2023 10:16PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি মাতেমেলা চিৰিল ৰামাফোছাৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে।

দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে, যি ঐতিহাসিক আৰু দুয়োখন দেশৰ মাজৰ নিবিড় সম্পৰ্কৰ ওপৰত আধাৰিত। প্ৰধানমন্ত্ৰীয়ে এই বছৰৰ আৰম্ভণিতে ১২ টা চিতা ভাৰতলৈ স্থানান্তৰিত কৰাৰ বাবে দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিক ধন্যবাদ জ্ঞাপন কৰে।

ইয়াৰ উপৰি দুয়োগৰাকী নেতাই এই বছৰ দক্ষিণ আফ্ৰিকাৰ অধ্যক্ষতাৰ পৰিপ্ৰেক্ষিতত ব্ৰিকছত সহযোগিতাকে ধৰি পাৰস্পৰিক স্বাৰ্থৰ কেইবাটাও আঞ্চলিক আৰু আন্তৰ্জাতিক বিষয়ত মত বিনিময় কৰে।

ৰাষ্ট্ৰপতি ৰামাফোছাই প্ৰধানমন্ত্ৰীক আফ্ৰিকান নেতাসকলৰ শান্তি প্ৰচেষ্টাৰ বিষয়ে অৱগত কৰে। ইউক্ৰেইনত স্থায়ী শান্তি আৰু স্থিৰতা সুনিশ্চিত কৰাৰ লক্ষ্যৰে ভাৰতে সকলো পদক্ষেপৰ সমৰ্থন আগবঢ়াইছে বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ আগবাঢ়ি যোৱাৰ পথ হিচাপে আলোচনা আৰু কূটনীতিক লৈ ভাৰতৰ ধাৰাবাহিক আহ্বানৰ কথা দোহাৰে।

ৰাষ্ট্ৰপতি ৰামাফোছাই চলিত জি-২০ অধ্যক্ষতাৰ অংশ হিচাপে ভাৰতৰ পদক্ষেপসমূহক সম্পূৰ্ণ সমৰ্থন জনায় আৰু জনায় যে তেওঁ ভাৰত ভ্ৰমণৰ বাবে আগ্ৰহী।

দুয়োগৰাকী নেতাই পৰস্পৰৰ সৈতে যোগাযোগ অটুট ৰখাৰ ক্ষেত্ৰত সহমত ব্যক্ত কৰে।

 

************** 



(Release ID: 1932623) Visitor Counter : 92