প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মহীশূৰ আৰু ধনবাদত দূৰ্ঘটনাত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক

Posted On: 29 MAY 2023 8:37PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহীশূৰ আৰু ধনবাদত সংঘটিত পথ দূৰ্ঘটনাত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷ শ্ৰী মোদীয়ে ঘটনাৰ পীড়িতসকলৰ প্ৰতি পিএমএনআৰএফৰ অধীনত এককালীন সাহাৰ্য্যও ঘোষণা কৰিছে৷৷

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ টুইটত কয়;

“কৰ্ণাটকৰ মহীশূৰৰ শোকাবহ ঘটনাক লৈ মৰ্মাহত হৈছো৷ যিসমূহ পৰিয়ালে তেওঁলোকৰ আত্মীয়ক হেৰুৱালে তেওঁলোকৰ প্ৰতি সমবেদনা জনাইছো৷ আহতসকলৰ আশু আৰোগ্য কামনা কৰিলোঁ: প্ৰধানমন্ত্ৰী”

"ধনবাদত দুৰ্ঘটনাত প্ৰাণহানি হোৱাটো অতি দূৰ্ভাগ্যজনক৷ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ গভীৰ সমবেদনা জনাইছো৷ আহতসকলৰ আশু আৰোগ্য কামনা কৰিলোঁ: প্ৰধানমন্ত্ৰী৷”

"প্ৰধানমন্ত্ৰীয়ে ধনবাদ আৰু মহীশূৰৰ শোকাবহ দুৰ্ঘটনাত প্ৰাণহানি হোৱা লোকসকলৰ আত্মীয়লৈ ২লাখকৈ এককালীন সাহাৰ্য ঘোষণা কৰিছে৷ আহতসকলৰ ৫০,০০০টকাকৈ প্ৰদান কৰা হ’ব৷"

***



(Release ID: 1928325) Visitor Counter : 92