প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
যুক্তৰাজ্যৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
प्रविष्टि तिथि:
21 MAY 2023 8:48AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জি-৭ সন্মিলনৰ আঁৰত ২০২৩ৰ ২১ মে’ত হিৰোচিমাত যুক্তৰাজ্যৰ প্ৰধানমন্ত্ৰী মহামহিম ঋষি সুনকৰে মিলিত হয়।
ভাৰত-ব্ৰিটেইনৰ এফটিএ আলোচনাৰ অগ্ৰগতিৰ বুজ লোৱাকে ধৰি দুয়োগৰাকী নেতাই তেওঁলোকৰ সৰ্বাংগীন কৌশলগত অংশীদাৰিত্বৰ পৰ্য্যালোচনা কৰে।
নেতাদ্বয়ে একাধিক ক্ষেত্ৰত সহযোগিতা গভীৰ কৰিবলৈ সন্মতি প্ৰকাশ কৰে। ইয়াৰ ভিতৰত বাণিজ্য আৰু বিনিয়োগ, বিজ্ঞান আৰু প্ৰযুক্তি, উচ্চ শিক্ষা তথা জনসাধাৰণৰ সম্পৰ্ক অন্যতম।
ইয়াত ভাৰতে পালন কৰা জি-২০ৰ অধ্যক্ষতাৰ দায়িত্ব সন্দৰ্ভতো আলোচনা কৰা হয়। প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীত অনুষ্ঠিতব্য জি-২০ সন্মিলনলৈ প্ৰধানমন্ত্ৰী সুনকক নিমন্ত্ৰণ জনায়।
*****
(रिलीज़ आईडी: 1928324)
आगंतुक पटल : 163
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam