প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
২৫ মে’ত খেল’ ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছৰ তৃতীয় সংস্কৰণৰ আৰম্ভণি ঘোষণা কৰিব প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
24 MAY 2023 3:42PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ মে'ৰ সন্ধিয়া ৭ বজাত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে খেল’ ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ, ২০২২ৰ আৰম্ভণি ঘোষণা কৰিব।
প্ৰধানমন্ত্ৰীয়ে দেশত ক্ৰীড়াৰ সংস্কৃতি গঢ়ি তোলা আৰু যুৱক-যুৱতীসকলক ক্ৰীড়াৰে জড়িত হ’বলৈ উৎসাহিতকৰণত অধিক গুৰুত্ব আৰোপ কৰি আহিছে। উদীয়মান ক্ৰীড়াবিদসকলক সহায় কৰিবলৈ চৰকাৰে ভিন্ন আঁচনি ৰূপায়ণ কৰিছে আৰু দেশৰ ক্ৰীড়া বাতাবৰণক সুদৃঢ়কৰণৰ বাবে প্ৰচেষ্টা হাতত লৈছে। খেল’ ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছৰ আয়োজন এই দিশত আন এক পদক্ষেপ।
এই বৰ্ষৰ খেল’ ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছৰ তৃতীয় সংস্কৰণ ২৫ মে’ ৰপৰা ৩ জুনলৈ উত্তৰ প্ৰদেশত অনুষ্ঠিত হ’ব। বাৰাণসী, গোৰখপুৰ, লক্ষ্নৌ আৰু গৌতম বুদ্ধ নগৰত ইয়াৰ প্ৰতিযোগিতাসমূহ চলিব। এই গেমছত ২০০ ৰোধিক বিশ্ববিদ্যালয়ৰ ৪৭৫০ জনৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। তেওঁলোকে ২১টা ক্ৰীড়াত যোগদান কৰিব। অহা ৩ জুনত বাৰাণসীত এই গেমছৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব।
এই গেমছৰ শুভংকৰ হৈছে জিতু, উত্তৰ প্ৰদেশৰ ৰাজ্যিক প্ৰাণী দল-হৰিণাৰ প্ৰেৰণাৰে ইয়াক ৰূপ দিয়া হৈছে।
*****
(रिलीज़ आईडी: 1927946)
आगंतुक पटल : 176
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Punjabi
,
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam