প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে ২৯ মে’ত অসমৰ প্ৰথম বন্দে ভাৰত এক্সপ্ৰেছ অসমৰ পৰা পতাকা দেখুৱাই ৰাওনা কৰাব

বন্দে ভাৰত এক্সপ্ৰেছ গুৱাহাটীৰ পৰা নিউ জলপাইগুৰিলৈ যাত্ৰা ৫ ঘণ্টা ৩০ মিনিটত সম্পূৰ্ণ কৰিব, ইয়াৰ বিপৰীতে বৰ্তমানৰ সবাতোকৈ দ্ৰুত ট্ৰেইনে এই যাত্ৰাৰ বাবে ৬ ঘণ্টা ৩০ মিনিট সময় লয়

প্ৰধানমন্ত্ৰীয়ে নতুনকৈ বৈদ্যুতিকীকৰণ কৰা খণ্ডসমূহ সমৰ্পিত কৰিব আৰু নৱনিৰ্মিত ডেমু/মেমু শ্বেড উদ্বোধন কৰিব

Posted On: 28 MAY 2023 5:35PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৯ মে'ৰ দুপৰীয়া ১২ বজাত অসমৰ প্ৰথম বন্দে ভাৰত এক্সপ্ৰেছ ট্ৰেইন ভিডিঅ'কনফাৰেন্সৰ জৰিয়তে পতাকা দেখুৱাই ৰাওনা কৰাব।

অত্যাধুনিক বন্দে ভাৰত এক্সপ্ৰেছ ট্ৰেইনে অঞ্চলটোৰ মানুহক দ্ৰুত গতিৰ লগতে আৰামত যাত্ৰা কৰাৰ সুবিধা প্ৰদান কৰিব। ইয়াৰ ফলত ৰাজ্যখনত পৰ্যটনো উৎসাহিত হ'ব। গুৱাহাটীক নিউ জলপাইগুৰিৰ সৈতে সংযুক্ত কৰা এই ট্ৰেইনে এই দুই স্থানক সংযুক্ত কৰা বৰ্তমানৰ সবাতোকৈ দ্ৰুত ট্ৰেইনৰ তুলনাত, যাত্ৰাৰ সময়ত প্ৰায় ১ ঘণ্টাৰ ৰাহি কৰিব। বন্দে ভাৰতে ৫ ঘণ্টা ৩০ মিনিটত এই যাত্ৰা সম্পূৰ্ণ কৰিব, ইয়াৰ বিপৰীতে বৰ্তমানৰ সবাতোকৈ দ্ৰুত ট্ৰৈইনে এই যাত্ৰা সম্পূৰ্ণ কৰাত ৬ ঘণ্টা ৩০ মিনিট সময় লয়।

প্ৰধানমন্ত্ৰীয়ে ১৮২ ৰুট কিলোমিটাৰৰ নতুন বৈদ্যুতিকীকৰণ কৰা ৰে'ল-খণ্ডসমূহো সমৰ্পিত কৰিব। ইয়াৰ ফলত ট্ৰেইনে দ্ৰুত গতিত যোৱা আৰু ট্ৰেইনৰ যাত্ৰাৰ সময় হ্ৰাস কৰাৰ লগতে প্ৰদূষণমুক্ত পৰিবহণৰ সুবিধা প্ৰদান কৰাত সহায় হ'ব। ইয়াৰ ফলত ইলেক্ট্ৰিক লাইনত চলা ট্ৰেইনো মেঘালয়ত প্ৰৱেশ কৰাত সক্ষম হ'ব।

প্ৰধানমন্ত্ৰীয়ে অসমৰ লামডিঙত এক নৱনিৰ্মিত ডেমু/মেমু শ্বেডো উদ্বোধন কৰিব। এই নতুন সুবিধাৰ জৰিয়তে এই অঞ্চলত পৰিচালিত ডেমু ৰেকৰ চোৱা-চিতা কৰাত সহায় হ'ব, যাৰ ফলত উন্নত পৰিচালন ক্ষমতা আহৰণ হ'ব।

 

**********



(Release ID: 1927942) Visitor Counter : 160