প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জি-৭ সন্মিলনৰ সপ্তম কাৰ্য অধিৱেশনত প্ৰধানমন্ত্ৰীৰ প্ৰাৰম্ভিক বক্তব্যৰ অসমীয়া অনুবাদ

কাৰ্য অধিৱেশন ৭: এক বহনক্ষম পৃথিৱীৰ বাবে সামূহিক প্ৰচেষ্টা(জলবায়ু শক্তি, পৰিৱেশ)

Posted On: 20 MAY 2023 5:08PM by PIB Guwahati

মান্যবৰ,

আজি আজি ইতিহাসৰ এক গুৰুত্বপূৰ্ণ পৰ্যায়ত উপনীত হৈছো৷ বিভিন্ন সংকটাপন্ন বিশ্বত জলবায়ু পৰিৱৰ্তন, পৰিৱেশৰ সুৰক্ষা ইত্যাদি বৰ্তমান সময়ৰ আটাইতকৈ বৃহৎ প্ৰত্যাহ্বানৰ অন্যতম৷ এই বৃহৎ প্ৰত্যাহ্বানৰ মোকাবিলা কৰাত এটা বাধা এইটো যে আমি জলবায়ু পৰিৱৰ্তনক কেৱল শক্তিৰ দৃষ্টিৰেহে চাও৷ আমি আমাৰ আলোচনাৰ পৰিসৰ বৃদ্ধি কৰিব লাগিব৷

ভাৰতীয় সভ্যতাত পৃথিৱীক মাতৃৰ আখ্যা দিয়া হয়৷ আৰু এই সকলো প্ৰত্যাহ্বানৰ সমাধানৰ বাবে আমি পৃথিৱীৰ আহ্বান শুনিব লাগিব৷ তাৰ সমান্তৰালভাৱে আমি নিজকে, নিজৰ ব্যৱহাৰৰ সলনি কৰিব লাগিব৷ এই চিন্তাধাৰাৰে ভাৰতে সমগ্ৰ বিশ্বৰ বাবে মিচন লাইফ, আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰী, দুৰ্যোগ সুস্থিৰতা আন্তঃগাঁথনিৰ বাবে গোট, মিচন হাইড্ৰজেন, জৈৱ ইন্ধন মৈত্ৰী, বিগ কেট এলায়েন্সৰ দৰে প্ৰতিষ্ঠানিক সমাধানৰ ৰচনা কৰিছে৷ আজি ভাৰতৰ কৃষকে ‘প্ৰতি টোপাল অধিক শস্য’ৰ মিচনেৰে আগুৱাই গৈ পানীৰ এটা এটা টোপাল ৰাহি কৰি প্ৰগতি আৰু বিকাশ পথত যাত্ৰা কৰিছে৷ আমি ২০৭০ৰ ভিতৰত শূন্য কাৰ্বন নিৰ্গমণৰ আমাৰ লক্ষ্যৰ দিশে ক্ষিপ্ৰতাপে আগুৱাই গৈছো৷

আমাৰ বিশাল ৰে’লৱে নেটৱৰ্ক ২০৩০ চনৰ ভিতৰত শূ্ন্য কাৰ্বন নিৰ্গমণনৰ সিদ্ধান্ত লৈছো৷ বৰ্তমান ভাৰতত নবীকৰণযোগ্য শক্তি সংস্থাপন প্ৰায় ১৭৫ গিগাৱাট হৈছে৷ ২০৩০ত এই পৰিমাণ ৫০০ গিগাৱাটত উপনীত হ’ব৷

আমি আমাৰ সকলো প্ৰচেষ্টাক পৃথিৱীৰ প্ৰতি আমাৰ দায়িত্ব বুলি গণ্য কৰোঁ। এই অনুভৱ আমাৰ বিকাশৰ ভেটি আৰু আমাৰ উন্নয়ন যাত্ৰাৰ অভিলাষী লক্ষ্যত নিহিত হৈ আছে। ভাৰতৰ উন্নয়ন যাত্ৰাত পৰিৱেশৰ প্ৰতিশ্ৰুতি বাধা নহয়, বৰঞ্চ অনুঘটক।

মান্যবৰ,

জলবায়ু কাৰ্যৰ দিশত আগবাঢ়ি আমি সেউজ আৰু পৰিষ্কাৰ প্ৰযুক্তিৰ যোগান শৃংখলক সুস্থিৰ কৰি তুলিব লাগিব। যদি আমি আৰ্তজনৰ দেশসমূহক প্ৰযুক্তি হস্তান্তৰ আৰু সুলভ মূল্যৰ বিত্তীয় সাহায্য প্ৰদান নকৰো, তেন্তে আমাৰ আলোচনা কেৱল আলোচনাহে হৈ থাকিব। মাটিৰ কোনো পৰিৱৰ্তন নহ’ব।

মই গৌৰৱেৰে কওঁ যে ভাৰতৰ জনসাধাৰণ পৰিৱেশৰ প্ৰতি সচেতন আৰু নিজৰ দায়িত্ব বুজি পায়। এই দায়িত্ববোধ আমাৰ শিৰাই শিৰাই যুগ যুগ ধৰি চলি আহিছে। ভাৰত সকলোৰে সৈতে নিজৰ অৱদান আগবঢ়াবলৈ সম্পূৰ্ণ সাজু।

ধন্যবাদ৷

******



(Release ID: 1926603) Visitor Counter : 73