গৃহ মন্ত্ৰালয়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এক ঐতিহাসিক সিদ্ধান্তত গৃহ মন্ত্ৰালয়ে হিন্দী আৰু ইংৰাজীৰ উপৰিও ১৩ টা আঞ্চলিক ভাষাত চিএপিএফৰ বাবে কনিষ্টবল (সাধাৰণ কৰ্তব্য) পৰীক্ষা অনুষ্ঠিত কৰিবলৈ অনুমোদন জনাইছে

চিএপিএফত স্থানীয় যুৱক-যুৱতীসকলৰ অংশগ্ৰহণ বৃদ্ধি আৰু আঞ্চলিক ভাষাৰ প্ৰচাৰৰ বাবে গৃহ আৰু সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ উদ্যোগত এই ঐতিহাসিক সিদ্ধান্ত লোৱা হৈছে

হিন্দী আৰু ইংৰাজীৰ উপৰিও, প্ৰশ্নকাকত খন অসম, বঙালী, গুজৰাটী, মাৰাঠী, মালায়ালম, কানাড়া, তামিল, তেলেগু, ওড়িয়া, উৰ্দু, পাঞ্জাৱী, মণিপুৰী আৰু কোঙ্কণীত প্ৰস্তুত কৰা হ'ব

এই সিদ্ধান্তৰ ফলত লাখ লাখ প্ৰাৰ্থীয়ে তেওঁলোকৰ মাতৃভাষা/ভাষা বাছনি কৰিছে। তেওঁলোকে আঞ্চলিক ভাষাত পৰীক্ষাত অংশগ্ৰহণ কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত তেওঁলোকৰ বাছনিৰ সম্ভাৱনা বৃদ্ধি হ'ব।
কনিষ্টবল (সাধাৰণ কৰ্তব্য) হৈছে কৰ্মচাৰী বাছনি আয়োগৰ দ্বাৰা পৰিচালিত এক মুখ্য পৰীক্ষা, য'ত সমগ্ৰ দেশৰ পৰা লাখ লাখ প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰে

হিন্দী আৰু ইংৰাজীৰ উপৰিও, পৰীক্ষাটো ১ জানুৱাৰী, ২০২৪-ৰ পৰা ১৩ টা আঞ্চলিক ভাষাত অনুষ্ঠিত হ'ব।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু গৃহ আৰু সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত গৃহ মন্ত্ৰালয় আঞ্চলিক ভাষাৰ ব্যৱহাৰ আৰু বিকাশৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ

Posted On: 15 APR 2023 11:44AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এক ঐতিহাসিক সিদ্ধান্তত গৃহ মন্ত্ৰালয়ে হিন্দী আৰু ইংৰাজীৰ উপৰিও ১৩ টা আঞ্চলিক ভাষাত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ (চিএপিএফ) বাবে কনিষ্টবল (সাধাৰণ কৰ্তব্য) পৰীক্ষা অনুষ্ঠিত কৰিবলৈ অনুমোদন জনাইছে। চিএপিএফত স্থানীয় যুৱক-যুৱতীসকলৰ অংশগ্ৰহণ বৃদ্ধি আৰু আঞ্চলিক ভাষাৰ প্ৰচাৰৰ বাবে গৃহ আৰু সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ উদ্যোগত এই ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

হিন্দী আৰু ইংৰাজীৰ উপৰিও, প্ৰশ্নকাকত নিম্নলিখিত ১৩ টা আঞ্চলিক ভাষাত প্ৰস্তুত কৰা হ'ব:

  1. অসমীয়া
  2. বঙালী
  3. গুজৰাটী
  4. মাৰাঠী
  5. মালায়ালম
  6. কানাড়া
  7. তামিল
  8. তেলুগু
  9. উড়িয়া
  10. উৰ্দু
  11. পাঞ্জাৱী
  12. মণিপুৰী
  13. কোংকানি

এই সিদ্ধান্তৰ ফলত লাখ লাখ প্ৰাৰ্থীয়ে তেওঁলোকৰ মাতৃভাষা/ভাষা বাছনি কৰিছে। তেওঁলোকে আঞ্চলিক ভাষাত পৰীক্ষাত অংশগ্ৰহণ কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত তেওঁলোকৰ বাছনিৰ সম্ভাৱনা বৃদ্ধি হ'ব।

গৃহ মন্ত্ৰালয় আৰু কৰ্মচাৰী বাছনি আয়োগে একাধিক ভাৰতীয় ভাষাত পৰীক্ষা অনুষ্ঠিত কৰাৰ সুবিধাৰ বাবে বৰ্তমানৰ বুজাবুজি চুক্তিত এক পৰিশিষ্ট স্বাক্ষৰ কৰিব।

কনিষ্টবল (সাধাৰণ কৰ্তব্য) হৈছে কৰ্মচাৰী বাছনি আয়োগে অনুষ্ঠিত কৰা এক মুখ্য পৰীক্ষা, য'ত সমগ্ৰ দেশৰ পৰা লাখ লাখ প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰে। হিন্দী আৰু ইংৰাজীৰ উপৰিও, পৰীক্ষাটো 01 জানুৱাৰী, ২০২৪-ৰ পৰা ১৩ টা আঞ্চলিক ভাষাত অনুষ্ঠিত হ'ব।

এই সিদ্ধান্তৰ পিছত, ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলই ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰে স্থানীয় যুৱক-যুৱতীসকলক তেওঁলোকৰ মাতৃভাষাত পৰীক্ষা দিবলৈ এই সুযোগটো ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰিবলৈ আৰু দেশৰ সেৱাত কেৰিয়াৰ গঢ়িবলৈ বৃহৎ সংখ্যাত আগবাঢ়ি আহিবলৈ এক বৃহৎ অভিযান আৰম্ভ কৰিব। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু গৃহ আৰু সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত গৃহ মন্ত্ৰালয়ে আঞ্চলিক ভাষাৰ ব্যৱহাৰ আৰু বিকাশৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।

*****



(Release ID: 1917004) Visitor Counter : 123