প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
যুৱক-যুৱতীসকলক সীমান্তৰ গাঁওসমূহ ভ্ৰমণ কৰিবলৈ প্ৰধানমন্ত্ৰীৰ আহ্বান
प्रविष्टि तिथि:
11 APR 2023 2:41PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ যুৱক-যুৱতীসকলকে প্ৰমুখ্য কৰি সকলোকে সীমান্তৱৰ্তী গাঁওসমূহ ভ্ৰমণ কৰিবলৈ আহ্বান জনাইছে।
শ্ৰী মোদীয়ে কয় যে এই ভ্ৰমণে আমাৰ যুৱক-যুৱতীসকলক ভিন্ন সংস্কৃতিৰে পৰিচয় কৰাব আৰু ইয়াত বসবাস কৰা লোকসকলৰ আতিথ্যৰ অভিজ্ঞতা গ্ৰহণৰ সুযোগ প্ৰদান কৰিব।
অমৃত মহোৎসৱৰ টুইটাৰ হেণ্ডেলৰ এটি টুইট থ্ৰেডত সদৰী কৰা অনুসৰি, ভাইব্ৰেন্ট ভিলেজ কাৰ্য্যক্ৰমৰ অধীনত ওড়িশাৰ যুৱক-যুৱতীসকলে কিবিথু আৰু টুটিঙৰ গাঁওসমূহ ভ্ৰমণ কৰিছে।
ভাইব্ৰেন্ট ভিলেজ কাৰ্য্যক্ৰমে যুৱক-যুৱতীসকলক উত্তৰ-পূৰ্বাঞ্চলৰ জীৱন-প্ৰণালী, জনজাতি, লোক সংগীত আৰু হস্তশিল্প সম্পৰ্কে পৰিচয়ৰ এক সুযোগ প্ৰদান কৰিছে আৰু ইয়াৰ স্থানীয় সোৱাদ আৰু প্ৰাকৃতিক সৌন্দৰ্য্যত তেওঁলোক মুগ্ধ হৈছে।
অমৃত মহোৎসৱৰ টুইট থ্ৰেডলৈ সঁহাৰি জনাই, প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;
“নিশ্চয়কৈ এক স্মৰণীয় অভিজ্ঞতা। মই ভাৰতৰ যুৱক-যুৱতীসকলকে প্ৰমুখ্য কৰি আনকো সীমান্তৰ গাঁওসমূহ ভ্ৰমণ কৰিবলৈ আহ্বান জনাইছো। ই আমাৰ যুৱক-যুৱতীসকলক ভিন্ন সংস্কৃতিৰে পৰিচয় কৰাব আৰু তেওঁলোকক ইয়াত বসবাস কৰা লোকসকলৰ আতিথ্যৰ অভিজ্ঞতা গ্ৰহণৰ সুযোগ প্ৰদান কৰিব।”
***
DS/ST/SB
(रिलीज़ आईडी: 1915779)
आगंतुक पटल : 134
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Telugu
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam