প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
চিটী গেছ ডিষ্ট্ৰিবিউশ্যন নেটৱৰ্কৰ প্ৰগতিৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
২০১৪ চনৰ ৬৬খনৰ পৰা এতিয়া চিটী গেছ ডিষ্ট্ৰিবিউশ্যন নেটৱৰ্কে ৬৩০খন জিলাক সামৰি লৈছে
Posted On:
05 APR 2023 11:12AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চিটী গেছ ডিষ্ট্ৰিবিউশ্যন নেটৱৰ্কে অধিকসংখ্যক লোকক সামৰি লোৱাৰ বাবে ইয়াৰ সৈতে জড়িত সকলোকে প্ৰশংসা কৰিছে৷
কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰীয়ে এক টুইটত জনায় যে চিটী গেছ ডিষ্ট্ৰিবিউশ্যন নেটৱৰ্কে সুবিধাজনক আৰু সুলভ ইন্ধন প্ৰদানত ব্যাপক প্ৰগতি লাভ কৰিছে৷ ২০১৪ চনৰ কেৱল ৬৬খন জিলাৰ পৰা চিজিডি নেটৱৰ্কে ২০২৩ চনত ৬৩০খন জিলাক সামৰি লৈছে; ২০১৪ চনত ঘৰুৱা পিএনজি সংযোগৰ পৰিমাণ মাত্ৰ ২৫.৪০ লাখৰ পৰা এতিয়া ১০৩.৯৩ লাখ হৈছে৷
কেন্দ্ৰীয় মন্ত্ৰীৰ টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইটত কয়;
“সংখ্যাৰ হিচাপ এয়া যথেষ্ট ভাল৷ মই সেই সকলোকে প্ৰশংসা কৰিছো, যিসকলে বহু বছৰ ধৰি এই লোকসকলক সামৰি ল’বলৈ কঠোৰ পৰিশ্ৰম কৰিছে৷”
****
DS/ST/DB
(Release ID: 1914249)
Visitor Counter : 160
Read this release in:
Bengali
,
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam