প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

শীৰ্ষ পৰ্যটন স্থলী হিচাপে উত্তৰ-পূবৰ উত্থানত আনন্দ প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 04 APR 2023 10:12AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শীৰ্ষ পৰ্যটনস্থলী হিচাপে  উত্তৰ-পূবৰ উত্থানত আনন্দ প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে লগতে কয় যে পৰ্যটনৰ বৃদ্ধিৰ অৰ্থ হৈছে অঞ্চলটোৰ সমৃদ্ধি বৃদ্ধি হোৱা।

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডীয়ে এক টুইটযোগে এইবুলি উল্লেখ কৰিছিল যে ২০২২ বৰ্ষত ১১.৮ নিযুতৰো অধিক দেশীয় পৰ্যটক আৰু ১,০০,০০০ তকৈও অধিক আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰে উত্তৰ-পূবত অভিলেখসংখ্যক পৰ্যটক দেখা পোৱা গৈছে। এই টুইটৰ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে এইবুলি টুইট কৰে;

"আনন্দদায়ক প্ৰৱণতা। পৰ্যটন বৃদ্ধিৰ অৰ্থ হৈছে অঞ্চলটোৰ সমৃদ্ধি বৃদ্ধি হোৱা।"

*************************

DS /ST/KG


(रिलीज़ आईडी: 1913580) आगंतुक पटल : 217
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam