প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে জল জীৱন মিছনৰ অধীনত ৭৫ শতাংশ কভাৰেজৰ লক্ষ্য অতিক্ৰম কৰা বাবে অৰুণাচল প্ৰদেশৰ প্ৰশংসা কৰে
प्रविष्टि तिथि:
02 APR 2023 9:15AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অৰুণাচল প্ৰদেশত জল জীৱন মিছনৰ জৰিয়তে ৭৫ শতাংশ কভাৰেজৰ লক্ষ্য অতিক্ৰম কৰা আৰু ১.৭৩ লাখ গ্ৰামীণ পৰিয়ালক খোৱা পানী উপলব্ধ কৰোৱাৰ প্ৰাপ্তি আহৰণ কৰা বাবে মুখ্যমন্ত্ৰী আৰু তেওঁৰ টীমক অভিনন্দন জনাইছে।
অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডুৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে নিজৰ টুইটত কৈছে;
"অৰুণাচল প্ৰদেশৰ কিছু অংশত দুৰ্গম অঞ্চলসমূহৰ কথা মনত ৰাখি অমৃত মহোৎসৱৰ সময়ত ৭৫ শতাংশ কভাৰেজ প্ৰশংসনীয়। এই কাম সম্পূৰ্ণ কৰা টীমক অভিনন্দন আৰু শেষ অংশ সম্পূৰ্ণ কৰাৰ বাবে শুভকামনা।"
**********
DS/ST
(रिलीज़ आईडी: 1913076)
आगंतुक पटल : 215
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam