প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ভাৰতীয় সেনাবাহিনীৰ বাবে উন্নতমানৰ আকাশ অস্ত্ৰ ব্যৱস্থা আৰু ১২টা অস্ত্ৰ নিৰ্ণয়কাৰী ৰাডাৰ সাথী (সমতল)ৰ বাবে ৯,১০০কোটি টকাৰ চুক্তি স্বাক্ষৰ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰালয়ে

প্ৰধানমন্ত্ৰীয়ে কয় যে এয়া এক প্ৰশংসনীয় অগ্ৰগতি, যিয়ে আত্মনিৰ্ভৰশীলতাৰ লগতে বিশেষভাৱে এমএছএমই খণ্ডক সহায় কৰিব

प्रविष्टि तिथि: 31 MAR 2023 9:14AM by PIB Guwahati

প্ৰতিৰক্ষা মন্ত্ৰীৰ কাৰ্যালয়ৰ ফালৰ পৰা এক টুইটযোগে জনোৱা হৈছে যে প্ৰতিৰক্ষা মন্ত্ৰালয়ে ২০২৩ চনৰ ৩০ মাৰ্চত ভাৰতীয় সেনাৰ বাবে উন্নতমানৰ আকাশ অস্ত্ৰ ব্যৱস্থা আৰু ১২টা অস্ত্ৰ নিৰ্ণয়কাৰী ৰাডাৰ সাথী (সমতল) ক্ৰয়ৰ বাবে ৯,১০০কোটি টকাৰ চুক্তি স্বাক্ষৰ কৰিছে।

ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ কাৰ্যালয়ৰ এক টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;

"এক প্ৰশংসনীয় অগ্ৰগতি, যিয়ে আত্মনিৰ্ভৰশীলতাৰ লগতে বিশেষভাৱে এমএছএমই খণ্ডক সহায় কৰিব।"

*************************

DS/ST/KG


(रिलीज़ आईडी: 1913065) आगंतुक पटल : 149
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Bengali , English , Urdu , हिन्दी , Marathi , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam