প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে সৰ্বাধিক ৰাজহ সৃষ্টিৰ বাবে এইচএএলৰ প্ৰশংসা কৰে

Posted On: 01 APR 2023 9:21AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৰিচালনাৰ দ্বাৰা যোৱা বিত্ত বৰ্ষৰ ২৪,৬২০ কোটি টকাৰ তুলনাত বিত্ত বৰ্ষ ২০২২-২৩ৰ বাবে প্ৰায় ২৬,৫০০ কোটি টকাৰ (প্ৰভিজনেল আৰু আনঅডিটেড) উচ্চতম ৰাজহ সৃষ্টিৰ বাবে এইচএএলৰ সমগ্ৰ টীমৰ প্ৰশংসা কৰিছে। কোম্পানীটোৱে যোৱা বছৰৰ তুলনাত এই বছৰ ৮ শতাংশৰ ৰাজহ বৃদ্ধি নথিভুক্ত কৰিছে।

এইচএএলৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে;

"অসাধাৰণ! মই এইচএএলৰ সমগ্ৰ টীমৰ তেওঁলোকৰ উল্লেখযোগ্য উৎসাহ আৰু উদ্দীপনাৰ বাবে প্ৰশংসা কৰিছো।"

**********

DS/ST



(Release ID: 1912980) Visitor Counter : 83