বিত্ত মন্ত্ৰালয়

পান-আধাৰ সংযোগ কৰাৰ অন্তিম সময়সীমা বৃদ্ধি

Posted On: 28 MAR 2023 2:48PM by PIB Guwahati

কৰদাতাক আৰু কিছু সময় দিবলৈ পান আৰু আধাৰ সংযোগৰ অন্তিম তাৰিখ ২০২৩ চনৰ ৩০ জুনলৈ বৃদ্ধি কৰা হৈছে, যাতে জনতাই কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নোহোৱাকৈ তেওঁলোকৰ আধাৰক পানৰ সৈতে সংযোগ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰিব পাৰে। এই সন্দৰ্ভত এক সুকীয়া অধিসূচনা জাৰি কৰা হৈছে।

আয়কৰ আইন ১৯৬১ (আইন)ৰ বিধান অনুসৰি ২০১৭ চনৰ ১ জুলাইলৈকে পান কাৰ্ড আবণ্টন দিয়া প্ৰতিজন ব্যক্তিয়ে আধাৰ নম্বৰ লাভ কৰাৰ যোগ্য, তেওঁলোকৰ আধাৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ হাতত ৩১ মাৰ্চ, ২০২৩ বা তাৰ আগতে নিৰ্ধাৰিত মাচুল পৰিশোধ কৰি অৰ্পণ কৰিব লাগিব, তেনে নকৰিলে ২০২৩ চনৰ ০১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱা এই আইনৰ অধীনত কেতবোৰ সমস্যাৰ সৃষ্টি হ’ব। পান আৰু আধাৰ সংযোগৰ উদ্দেশ্যে সংশ্লিষ্ট কৰ্তৃপক্ষক আধাৰ সম্পৰ্কে অৱগত কৰাৰ দিন এতিয়া ২০২৩ চনৰ ৩০ জুনলৈ বৃদ্ধি কৰা হৈছে।

পানৰ সৈতে আধাৰ সংযোগ কৰিব নোৱাৰা কৰদাতাৰ পান কাৰ্ড ২০২৩ চনৰ ১ জুলাইৰ পৰা নিষ্ক্ৰিয় হৈ পৰিব আৰু নিষ্ক্ৰিয় পানৰ পৰিণতি তলত দিয়া ধৰণৰ হ’বঃ

১৷ এনে পানলৈ কোনো ধৰণৰ ধন ঘূৰাই দিয়া নহ’ব;

২৷ পান নিষ্ক্ৰিয় হৈ থকা সময়ছোৱাৰ বাবে এনে ধন ঘূৰাই দিয়াৰ কোনো সুত প্ৰদান কৰা নহ’ব; আৰু

৩৷ আইনত উল্লেখ কৰা ধৰণে অধিক হাৰত টিডিএছ আৰু টিচিএছ কৰ্তন/সংগ্ৰহ কৰা হ’ব।

১০০০ টকা মাচুল আদায় দি নিৰ্ধাৰিত কৰ্তৃপক্ষক আধাৰ সম্পৰ্কে অৱগত কৰি ৩০ দিনৰ ভিতৰত পুনৰ সক্ৰিয় কৰিব পাৰিব পেন কাৰ্ড।

পান-আধাৰ সংযোগৰ পৰা ৰেহাই পোৱা ব্যক্তিসকলে ওপৰত উল্লেখ কৰা সমস্যাৰ সন্মুখীন নহ’ব। এই শ্ৰেণীত এনে এজন প্ৰৱাসী ভাৰতীয়, আইন অনুসৰি ভাৰতৰ নাগৰিক নোহোৱা ব্যক্তি বা পূৰ্বৰ বছৰৰ ভিতৰত যিকোনো সময়তে আশী বছৰ বা ততোধিক বয়সৰ ব্যক্তি, নিৰ্দিষ্ট ৰাজ্যসমূহত বাস কৰা ব্যক্তিক অন্তৰ্ভুক্ত কৰা হৈছে।

উল্লেখ্য যে বৰ্তমানলৈকে ৫১ কোটিৰো অধিক পান কাৰ্ড আধাৰৰ সৈতে সংযোগ কৰা হৈছে। আধাৰৰ সৈতে পান সংযোগ কৰিবলৈ তলত দিয়া লিংকটো ক্লিক কৰক- https://eportal.incometax.gov.in/iec/foservices/#/pre-login/bl-link-aadhaar

.

****

PPG/KMN/DB



(Release ID: 1911760) Visitor Counter : 189