প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

‘মন কী বাত’ৰ ৯৯ সংখ্যক খণ্ডটি অনুপ্ৰেৰণামূলক প্ৰচেষ্টাৰ উল্লেখৰে সমৃদ্ধ কৰাৰ বাবে তথ্য প্ৰেৰণ কৰিবলৈ নাগৰিকসকলক উত্সাহিত কৰিছে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 17 MAR 2023 8:14PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘মন কি বাত’ৰ ৯৯ সংখ্যক খণ্ডটিৰ বাবে নাগৰিকসকলক তেওঁলোকৰ তথ্যপাতিসমূহ প্ৰেৰণ কৰিবলৈ আৰু ‘মাইগভ’ বা ‘নমো এপ’ত সামাজিক পৰিৱৰ্তন সম্ভৱ কৰি তোলা প্ৰেৰণাদায়ক প্ৰচেষ্টাসমূহৰ ওপৰত আলোকপাত কৰিবলৈ বা বাৰ্তা ৰেকৰ্ড কৰিবলৈ ১৮০০-১১-৭৮০০ নম্বৰত ফোন কৰাৰ বাবে উৎসাহিত কৰিছে। খণ্ডটো ২৬ মাৰ্চ, ২০২৩ তাৰিখে সম্প্ৰচাৰিত হ'ব।

এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে;

"২৬ তাৰিখে #MannKiBaat ৯৯ সংখ্যক খণ্ডটো সম্প্ৰচাৰিত হ'ব। বহুলোকে তেওঁলোকৰ বাৰ্তাসমূহ প্ৰেৰণ কৰিছে আৰু সামাজিক পৰিৱৰ্তন সম্ভৱ কৰি তোলা বিভিন্ন প্ৰেৰণাদায়ক প্ৰচেষ্টাসমূহৰ ওপৰত আলোকপাত কৰিছে। আপোনালোকৰ বাৰ্তাসমূহ মাইগভ বা নমো এপলৈ বা ৰেকৰ্ড কৰিবলৈ ১৮০০-১১-৭৮০০ নম্বৰত ডায়েল কৰক।"

***

DS/TS/KB


(रिलीज़ आईडी: 1908362) आगंतुक पटल : 189
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Bengali , Kannada , Telugu , Tamil , English , Urdu , हिन्दी , Marathi , Manipuri , Punjabi , Gujarati , Odia , Malayalam