প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কৰ্মক্ষেত্ৰতো যোগাভ্যাস সুস্থ হৈ থকাৰ উত্তম উপায়ঃ প্ৰধানমন্ত্ৰী
পোষ্ট কৰা হৈছে:
15 MAR 2023 8:43PM by PIB Guwahati
ব্যস্ততাপূৰ্ণ কৰ্মসূচী আৰু আসীন জীৱনশৈলীৰ প্ৰত্যাহ্বানৰ কথা চিন্তা কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে কৰ্মক্ষেত্ৰত বিৰতিৰ সময়ত যোগাভ্যাস কৰিবলৈ উৎসাহিত কৰিছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে আয়ুষ মন্ত্ৰালয়ৰ এটা টুইট শ্বেয়াৰ কৰে। ইয়াত কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে যোগৰ ক্ষেত্ৰত গণ অংশগ্ৰহণক প্ৰেৰণা যোগাবলৈ “ৱাই-ব্ৰেক” যোগৰ এটা এক-মিনিটৰ ভিডিঅ’ মুকলি কৰিছে। বিশেষকৈ কৰ্প’ৰেট কৰ্মক্ষেত্ৰ আৰু কৰ্মপ্ৰেমীসকলৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীজনৰ টুইটটো শ্বেয়াৰেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;
“ব্যস্ততাপূৰ্ণ কৰ্মসূচী আৰু আসীন জীৱনশৈলীয়ে একাধিক প্ৰত্যাহ্বানৰ সৃষ্টি কৰে। কৰ্মক্ষেত্ৰতো যোগাভ্যাস সুস্থ হৈ থকাৰ উত্তম উপায়।”
*****
DS/TS/SB
(ৰিলিজ আই ডি : 1907910)
অতিথি কক্ষ : 145
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam