তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

পুনেৰ ‘এনএফএআই’ চৌহদ পৰিদৰ্শন কৰিলে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰীয়ে, ‘এনএফএইচএম’-ৰ অগ্ৰগতিৰ পৰ্যালোচনা

‘চলচ্চিত্ৰ ঐতিহ্য মিছন’-য়ে ভাৰতীয় চলচ্চিত্ৰৰ ঐতিহ্যক নতুন জীৱনৰেখা প্ৰদান কৰিছে: অনুৰাগ সিং ঠাকুৰ

Posted On: 12 MAR 2023 11:04AM by PIB Guwahati

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ তথা যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া দপ্তৰৰ মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰে তেওঁৰ পুনে ভ্ৰমণৰ সময়ত ১১ মাৰ্চ, ২০২৩ তাৰিখে ‘এনএফডিচি- নেচনেল ফিল্ম আৰ্কাইভ অব ইণ্ডিয়া’ (এনএফএআই)ৰ চৌহদ পৰিদৰ্শন কৰে আৰু ‘ৰাষ্ট্ৰীয় চলচ্চিত্ৰ ঐতিহ্য মিছন’ৰ অধীনত হোৱা অগ্ৰগতিৰ পৰ্যালোচনা কৰে। শ্ৰী অনুৰাগ সিং ঠাকুৰে কয় যে ‘এনএফএইচএম’-য়ে ভাৰতীয় চলচ্চিত্ৰৰ ঐতিহ্যক এক নতুন জীৱনৰেখা প্ৰদান কৰিছে, য'ত আগতে একেবাৰে উপলব্ধ নোহোৱা বহুতো চলচ্চিত্ৰ পৃথিৱীৰ দৰ্শকৰ বাবে সৰ্বশ্ৰেষ্ঠ মানত উপলব্ধ কৰা হ'ব, আৰু লগতে পৰৱৰ্তী ১০০টা বছৰৰো অধিক কালৰ বাবে ভাৰতীয় চলচ্চিত্ৰৰ দীৰ্ঘম্যাদী সংৰক্ষণ নিশ্চিত কৰা হ'ব।

পুনেৰ ‘এনএফডিচি-নেচনেল ফিল্ম আৰ্কাইভ অব ইণ্ডিয়া’ (এনএফএআই)ত ‘ৰাষ্ট্ৰীয় চলচ্চিত্ৰ ঐতিহ্য মিছন’(এনএফএইচএম)ৰ কাম-কাজ পূৰ্ণোদ্যমে আগবাঢ়ি আছে। ‘এনএফএইচএম’-ৰ অংশ হিচাপে, ‘এনএফডিচি-এনএফএআই’-ত ৩ টা মুখ্য প্ৰকল্পৰ কাম চলি আছে। প্ৰকল্পকেইটা হৈছে- চলচ্চিত্ৰৰ ডিজিটাইজেশ্যন, চলচ্চিত্ৰৰ ৰীল সংৰক্ষণ আৰু চলচ্চিত্ৰৰ পুনৰুদ্ধাৰ। কেউটা প্ৰকল্পই চলচ্চিত্ৰ সংৰক্ষণৰ ক্ষেত্ৰত বিশাল প্ৰকৃতিৰ আৰু ইমান বিস্তৃত পৰিসৰত পৃথিৱীৰ কতো এই পৰ্যন্ত এনে প্ৰয়াস কৰা হোৱা নাই।

আজি পৰ্যন্ত, ‘৪-কে’ আৰু ‘২-কে’ ‘ৰিজলিউশ্যন’ত ১২৯৩ খন কাহিনী আৰু ১০৬২ খন চুটি ছবি আৰু তথ্যচিত্ৰ ‘ডিজিটাইজ’ কৰা হৈছে। অতিৰিক্ত ২৫০০ খন কাহিনী আৰু চুটিছবি আৰু তথ্যচিত্ৰ ‘ডিজিটাইজ’ কৰাৰ কাম আগবঢ়াই থকা হৈছে। ইফালে, ১৪৩৩টা চেলুলইড ৰিলৰ সংৰক্ষণৰ কাম সম্পূৰ্ণ হৈছে। চলচ্চিত্ৰ সংৰক্ষণৰ ক্ষেত্ৰত বিশ্বৰ অগ্ৰণী আন্তৰ্জাতিক বিশেষজ্ঞ সংস্থা ‘ল'ইম্মাগিন ৰিট্ৰোভাটা’-ৰ সহযোগত অতি সাৱধানতাৰে এই কাম চলাই থকা হৈছে। শ্ৰী অনুৰাগ সিং ঠাকুৰে ‘এনএফডিচি-এনএফএআই’ৰ চৌহদত নতুনকৈ স্থাপন কৰা চলচ্চিত্ৰ সংৰক্ষণ পৰীক্ষাগাৰ ভ্ৰমণ কৰে, য'ত ‘চেলুলইড ৰিল’ৰ সংৰক্ষণৰ কাম চলি আছে। অনাগত মাহবোৰত আৰু কেইবাশ চলচ্চিত্ৰ সংৰক্ষণ কৰা হ'ব, আৰু বহু ক্ষেত্ৰত, এই ৰিলসমূহ কিছুমান বিৰল ভাৰতীয় চলচ্চিত্ৰৰ একমাত্ৰ জীৱন্ত প্ৰতিলিপি হ'বগৈ পাৰে। এনএফডিচি-এনএফএআইয়েও শেহতীয়াকৈ চলচ্চিত্ৰ পুনৰুদ্ধাৰ প্ৰকল্প আৰম্ভ কৰিছে, আৰু এই মুহূৰ্তত ২১ খন চলচ্চিত্ৰৰ ‘ডিজিটেলী’ পুনৰুদ্ধাৰৰ মাজেৰে চলি আছে। পৰৱৰ্তী ৩টা বছৰত বহুতো কাহিনী, চুটি চলচ্চিত্ৰ আৰু তথ্যচিত্ৰ ‘ডিজিটেলী’ পুনৰুদ্ধাৰৰ দিহা কৰা হ'ব।
 


***


NFAI/MI/DY/KB
 



(Release ID: 1906219) Visitor Counter : 86