স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

বাজেটৰ পৰৱৰ্তী সময়ত অনুষ্ঠিতব্য ‘ৱে’বিনাৰ’ত ৬ মাৰ্চ, ২০২৩ তাৰিখে 'স্বাস্থ্য আৰু চিকিৎসা গৱেষণা' প্ৰসংগত ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰীয়ে

বাজেটৰ পৰৱৰ্তী পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰে আয়োজন কৰা ১২খনীয়া ‘ৱে’বিনাৰ শৃংখলা’ৰ অংশ হিচাপে বাজেটত কৰা ঘোষণাসমূহৰ ৰূপায়ণৰ বাবে আগবঢ়োৱা অন্তৰ্দৃষ্টি আৰু দিহা-পৰামৰ্শসমূহ একত্ৰিত কৰিব

‘ৱে’বিনাৰ’ত নতুন নাৰ্চিং মহাবিদ্যালয় স্থাপন, ‘আইচিএমআৰ পৰীক্ষাগাৰ’ৰ ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ ব্যৱহাৰ আৰু চিকিৎসা সঁজুলিৰ বাবে ফাৰ্মা উদ্ভাৱন আৰু বহুমুখী পাঠ্যক্ৰম সম্পৰ্কীয় বাজেট-ঘোষণাসমূহক সামৰি একেলগে ৩খন অধিৱেশন অনুষ্ঠিত হ'ব

Posted On: 05 MAR 2023 10:11AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ভিডিঅ' কনফাৰেন্স’ৰ জৰিয়তে ৬ মাৰ্চ, ২০২৩ তাৰিখে পুৱা ১০ বজাত 'স্বাস্থ্য আৰু চিকিৎসা গৱেষণা' সন্দৰ্ভত বাজেটৰ পৰৱৰ্তী সময়ত অনুষ্ঠিত ‘ৱে’বিনাৰ’ সম্বোধন কৰিব। কেন্দ্ৰীয় বাজেটত ঘোষণা কৰা পদক্ষেপসমূহৰ কাৰ্যকৰী ৰূপায়ণৰ বাবে অন্তৰ্দৃষ্টি, ধাৰণা তথা দিহা-পৰামৰ্শসমূহ একত্ৰিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আয়োজন কৰা বাজেট-পৰৱৰ্তী ‘ৱে’বিনাৰ’ৰ ১২খনীয়া শৃংখলাৰ এয়া হৈছে এটা অংশ। 

২০২৩-২৪ চনৰ কেন্দ্ৰীয় বাজেটত সাতটা প্ৰসংগক প্ৰাথমিকতা প্ৰদান কৰা হৈছে। এইসমূহ প্ৰথমিকতাই প্ৰত্যেকেই পৰস্পৰৰ পৰিপূৰক হিচাপে 'সপ্তঋষি'ৰ ৰূপত ভূমিকা পালন কৰি অমৃতকালত পথ প্ৰদৰ্শন কৰি যাব। সামগ্ৰিক বিকাশ হৈছে চৰকাৰৰ অন্যতম প্ৰাথমিকতা। ১৫৭খন নতুন নাৰ্চিং মহাবিদ্যালয় স্থাপন, আইচিএমআৰ পৰীক্ষাগাৰত ৰাজহুৱা আৰু ব্যক্তিগত চিকিৎসা গৱেষণাক উৎসাহিত কৰা আৰু চিকিৎসা সঁজুলিৰ বাবে ফাৰ্মা উদ্ভাৱন আৰু বহুমুখী পাঠ্যক্ৰমক এই প্ৰথমিকতাত অন্তৰ্ভুক্ত কৰা হৈছে।

ৱে’বিনাৰত স্বাস্থ্য আৰু ফাৰ্মা দুয়োটা খণ্ডক সামৰি একেলগে তিনিখন অধিৱেশন অনুষ্ঠিত হ’ব। কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট মন্ত্ৰালয় / বিভাগসমূহৰ মন্ত্ৰী আৰু সচিবসকলৰ উপৰিও, ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰসমূহৰ স্বাস্থ্য বিভাগৰ পৰা অহা সংশ্লিষ্ট অংশীদাৰী পক্ষ, বিষয় বিশেষজ্ঞ, উদ্যোগ/ সংস্থা, ব্যক্তিগত চিকিৎসা মহাবিদ্যালয় / চিকিৎসালয়/ প্ৰতিষ্ঠান আদিৰ প্ৰতিনিধিসকল ‘ৱে’বিনাৰ’ত উপস্থিত থাকিব আৰু বাজেট ঘোষণাৰ উন্নত ৰূপায়ণৰ বাবে পৰামৰ্শ আদিৰে অৰিহণা আগবঢ়াব।

‘ব্ৰেকআউট’ অধিৱেশনৰ বিষয়বস্তু হৈছে ‘নাৰ্চিংত গুণগত উন্নতি: আন্তঃগাঁথনি, শিক্ষা আৰু অনুশীলন’; ‘চিকিৎসা গৱেষণাৰ সহায়ক হিচাপে আইচিএমআৰ পৰীক্ষাগাৰৰ ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ ব্যৱহাৰ’; আৰু ‘চিকিৎসা সঁজুলিৰ বাবে ফাৰ্মা উদ্ভাৱন আৰু বহুমুখী পাঠ্যক্ৰম’।

 

***

MV/KB

HFW/ Curtain Raiser – PM-Post Budget Webinar /04Mar2023/1



(Release ID: 1904324) Visitor Counter : 128