কৃষি মন্ত্ৰালয়

কাইলৈ কৰ্ণাটকৰ বেলাগাভিত পিএম-কিষাণৰ অধীনত ৮ কোটিতকৈ অধিক হিতাধিকাৰীক ১৬,৮০০ কোটিতকৈ অধিক মূল্যৰ ত্ৰয়োদশ কিস্তি মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে

Posted On: 26 FEB 2023 4:36PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ অধীনত কৃষকক ২০০০ টকাকৈ মুকলি কৰিব। এই আঁচনিৰ অধীনত ৮ কোটিৰো অধিক কৃষকৰ একাউণ্টত পোনপটীয়াকৈ  মুঠ ১৬,৮০০ কোটি টকাতকৈ অধিক ধন জমা হ’ব।

ভাৰতীয় ৰে’লৱে আৰু জল জীৱন অভিযানৰ সৈতে সংগতি ৰাখি পিএম-কিষানৰ ত্ৰয়োদশ কিস্তিৰ বহু প্ৰত্যাশিত মুকলি অনুষ্ঠান কৰ্ণাটকৰ বেলাগাভিত অনুষ্ঠিত হ’ব। এই উপলক্ষে অনুষ্ঠানত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ সিং টোমাৰ আৰু কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সচিব শ্ৰী মনোজ আহুজা উপস্থিত থাকিব। এই অনুষ্ঠানত পিএম-কিষান আৰু জল জীৱন মিছনৰ হিতাধিকাৰীকে ধৰি এক লাখৰো অধিক লোক উপস্থিত থাকিব বুলি আশা কৰা হৈছে। অনুষ্ঠানটো পোনপটীয়াকৈ চাবলৈ আগ্ৰহ কৰাসকলে https://lnkd.in/gU9NFpd ইউআৰএলৰ জৰিয়তে অনুষ্ঠানটোৰ বাবে পঞ্জীয়ন কৰিব পাৰে আৰু https://pmindiawebcast.nic.in/ত পোনপটীয়াকৈ অনুষ্ঠানৰ চাবলৈ টিউন কৰিব পাৰে।

আঁচনিৰ অধীনত একাদশ আৰু দ্বাদশ কিস্তি বিগত বৰ্ষৰ মে’ আৰু অক্টোবৰ মাহত দিয়া হৈছিল। ত্ৰয়োদশ কিস্তিৰ মুক্তিৰ লগে লগে চৰকাৰে ভাৰতৰ কৃষকসকলক সহায় কৰাৰ লগতে তেওঁলোকৰ জীৱিকাৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰাৰ প্ৰতিশ্ৰুতি বৰ্তাই ৰাখিছে। পিএম-কিষান আঁচনিখনে ইতিমধ্যে সমগ্ৰ দেশৰ কৃষকসকলক যথেষ্ট সুবিধা প্ৰদান কৰিছে আৰু এই শেহতীয়া কিস্তিয়ে তেওঁলোকৰ আয় আৰু অধিক বৃদ্ধি কৰিব আৰু কৃষি খণ্ডৰ বিকাশত অৰিহণা যোগাব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৯ চনত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (পিএম-কিষাণ) আঁচনি আৰম্ভ কৰে। এই আঁচনিৰ লক্ষ্য হৈছে কেতবোৰ বিশেষ দিশ বাদ দি সমগ্ৰ দেশৰ সকলো ভূমিৰ স্বত্তাধিকাৰী কৃষক পৰিয়ালক খেতি কৰিব পৰা ভূমিৰে আয়ৰ সহায় আগবঢ়োৱা। এই আঁচনিৰ অধীনত ২০০০ টকাকৈ তিনিটা কিস্তিত প্ৰতি বছৰে ৬০০০ টকা পোনপটীয়াকৈ হিতাধিকাৰীৰ বেংক একাউণ্টত মুকলি কৰা হয়।

কেতবোৰ দিশ বাদ দি দেশৰ সকলো ভূমিৰ স্বত্তাধিকাৰী কৃষক পৰিয়ালক পিএম কিষানৰ অধীনত যোগ্য বুলি গন্য কৰা হ’ব।

এতিয়ালৈকে ১১ কোটিতকৈ অধিক কৃষক পৰিয়ালক ২.২৫ লাখ কোটিৰো অধিক ধন প্ৰধানকৈ সৰু আৰু প্ৰান্তীয় পৰিয়ালক প্ৰদান কৰা হৈছে। উল্লেখযোগ্য যে ক’ভিড লকডাউনৰ সময়ত এই কৃষকসকলৰ সাহাৰ্যাৰ্থে একাধিক কিস্তিত ১.৭৫ লাখ কোটি টকা বিতৰণ কৰা হয়। এই আঁচনিখনে তিনি কোটিৰো অধিক মহিলা হিতাধিকাৰীকো উপকৃত কৰিছে যিয়ে সামূহিকভাৱে ৫৩,৬০০ কোটিতকৈ অধিক টকা লাভ কৰিছে।

এই পদক্ষেপৰ পুঁজিয়ে গ্ৰাম্য অৰ্থনৈতিক বিকাশত সহায় কৰিছে, কৃষকৰ ঋণৰ বাধা লাঘৱ কৰিছে আৰু কৃষি ক্ষেত্ৰৰ বিনিয়োগ বৃদ্ধি কৰিছে। ইয়াৰ ফলত কৃষকৰ ক্ষতিশংকা বহনৰ ক্ষমতাও বৃদ্ধি পাইছে, যাৰ ফলত অধিক উৎপাদনশীল বিনিয়োগ হৈছে। আইএফপিআৰআইৰ মতে পিএম-কিষানৰ পুঁজিয়ে গ্ৰাহকসকলক তেওঁলোকৰ কৃষি প্ৰয়োজনীয়তা আৰু শিক্ষা, চিকিৎসা আৰু বিবাহৰ দৰে অন্যান্য ব্যয় পূৰণ কৰাত সহায় কৰিছে।

****

SNC/PK/DB



(Release ID: 1902694) Visitor Counter : 169