প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মাৰ্কিন কংগ্ৰেছৰ সংখ্যাগৰিষ্ঠ নেতা চাৰ্লছ শ্বুমাৰৰ নেতৃত্বত অহা ৯গৰাকী চিনেটৰৰ এটা প্ৰতিনিধি দলে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাত্ কৰে

ভাৰত-মাৰ্কিন সম্পৰ্ক প্ৰগাঢ় কৰাৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰই দলমত নিৰ্বিশেষে ধাৰাবাহিক ভাবে আগবঢ়োৱা সমৰ্থনক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে

ৰাষ্ট্ৰপতি বাইডেনৰ সৈতে টেলিফোনৰে হোৱা শেহতীয়া বাৰ্তালাপৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰত-মাৰ্কিন বিস্তৃত গোলকীয় কৌশলগত সহযোগিতাক আৰু অধিক উন্নত কৰাৰ ক্ষেত্ৰত দুয়োগৰাকী নেতাই আগবঢ়োৱা দৃষ্টিভংগীৰ কথা উল্লেখ কৰে

প্ৰধানমন্ত্ৰী আৰু মাৰ্কিন প্ৰতিনিধি দলটোৱে সহযোগিতামূলক গণতান্ত্ৰিক প্ৰমূল্যবোধ, শক্তিশালী সহযোগিতা, জনসাধাৰণৰ মাজৰ শক্তিশালী সম্পৰ্ক আৰু আমেৰিকাত বসবাস কৰা উজ্জীৱিত ভাৰতীয় সম্প্ৰদায়ক দ্বিপাক্ষিক কৌশলগত আংশীদাৰিত্বৰ শক্তিশালী স্তম্ভ হিচাপে স্বীকৃতি প্ৰদান কৰে

প্ৰধানমন্ত্ৰীয়ে ভাৰত-মাৰ্কিন সম্পৰ্ক শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত অহা নতুন সুযোগ সন্দৰ্ভত প্ৰতিনিধি দলটোৰ সৈতে আলোচনা কৰে

Posted On: 20 FEB 2023 8:10PM by PIB Guwahati

মাৰ্কিন কংগ্ৰেছৰ সংখ্যাগৰিষ্ঠ নেতা চাৰ্লছ শ্বুমাৰৰ নেতৃত্বত অহা নগৰাকী চিনেটৰৰ এটা প্ৰতিনিধি দলে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাত্ কৰে। প্ৰতিনিধি দলটোত অহা চিনেটৰসকল হৈছে- ৰন বাইডেন, চিনেটৰ জেক ৰীড, চিনেটৰ মাৰিয়া কেণ্টবেল, চিনেটৰ এমি ক্লবুচাৰ, চিনেটৰ মাৰ্ক ৱাৰ্ণাৰ, চিনেটৰ গেৰী পিটাৰ্ছ, চিনেটৰ কেথেৰিন কৰ্টেজ মাষ্টো আৰু চিনেটৰ পিটাৰ ৱেল্ছ।

কংগ্ৰেছৰ প্ৰতিনিধিদলটোক ভাৰতলৈ আদৰণি জনাই প্ৰধানমন্ত্ৰীয়ে ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বিপাক্ষিক সম্পৰ্ক গভীৰ কৰাৰ ক্ষেত্ৰত মাৰ্কিন কংগ্ৰেছে ধাৰাবাহিক আৰু দল-মত নিৰ্বিশেষে আগবঢ়াই অহা সমৰ্থনৰ প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি জোছেফ বাইডেনৰ সৈতে টেলিফোনৰে হোৱা তেওঁৰ শেহতীয়া বাৰ্তালাপ আৰু সমসাময়িক গোলকীয় প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যাপক গোলকীয় কৌশলগত অংশীদাৰীত্বক অধিক উন্নত কৰাৰ বাবে দুয়োগৰাকী নেতাই আগবঢ়োৱা দৃষ্টিভংগীৰ কথা উল্লেখ কৰে।

প্ৰধানমন্ত্ৰী আৰু মাৰ্কিন প্ৰতিনিধি দলটোৱে অংশীদাৰিত্বমূলক গণতান্ত্ৰিক প্ৰমূল্যবোধ, শক্তিশালী দ্বিপাক্ষিক সহযোগিতা, জনসাধাৰণৰ মাজত থকা শক্তিশালী সম্পৰ্ক আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত বসবাস কৰা উজ্জীৱিত ভাৰতীয় সম্প্ৰদায়ক দ্বিপাক্ষিক কৌশলগত অংশীদাৰিত্বৰ শক্তিশালী স্তম্ভ হিচাপে স্বীকৃতি প্ৰদান কৰে।

প্ৰধানমন্ত্ৰীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিনিধি দলটোৰ সৈতে গুৰুত্বপূৰ্ণ প্ৰযুক্তি, পৰিচ্ছন্ন শক্তি পৰিৱৰ্তন, যুটীয়া বিকাশ আৰু উৎপাদন আৰু বিশ্বস্ত আৰু স্থিতিস্থাপক যোগান শৃংখলৰ ক্ষেত্ৰত ভাৰত-মাৰ্কিনৰ সম্পৰ্ক শক্তিশালী কৰিব পৰা নতুন সুযোগসমূহৰ বিষয়ে আলোচনা কৰে।

***

 

DS/ST/KB



(Release ID: 1901148) Visitor Counter : 121