প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

১৭ ফেব্ৰুৱাৰীত ইকন’মিক টাইমছ বিশ্ব ব্যৱসায়িক সন্মিলনত ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে

Posted On: 16 FEB 2023 7:21PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৭ ফেব্ৰুৱাৰীৰ বিয়লি ৭.৪০ বজাত দিল্লীৰ হোটেল তাজ পেলেচত ইকন’মিক টাইমছ বিশ্ব ব্যৱসায়িক সন্মিলনত ভাষণ আগবঢ়াব৷

বিশ্ব ব্যৱসায়িক সন্মিলন ২০২৩ৰ বিষয়বস্তু হৈছে "সুস্থিৰতা। প্ৰভাৱ। আধিপত্য"। ১৭-১৮ ফেব্ৰুৱাৰীত দুদিনীয়া সন্মিলনখন অনুষ্ঠিত হ'ব।

প্ৰতি বছৰে দ্য টাইমছ গ্ৰুপে বিশ্ব ব্যৱসায়িক সন্মিলন আয়োজন কৰে৷ ই চিন্তাশীল নেতা, নীতি নিৰ্ধাৰক, শিক্ষাবিদ আৰু কৰ্পৰেট মুৰব্বীসকলক এক উমৈহতীয়া মঞ্চত একত্ৰিত কৰিব, মূল অৰ্থনৈতিক প্ৰত্যাহ্বানসমূহৰ সমাধান পথৰ সন্ধান কৰিব। সন্মিলনৰ ৪০টা অধিৱেশনত ২০০ৰো অধিক ব্যৱসায়িক নেতাই ভাষণ আগবঢ়াব।

***

DS/ST/DB



(Release ID: 1900905) Visitor Counter : 106