প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মানুহৰ জীৱন-ধাৰণৰ সূচলতা আৰু অধিক বৃদ্ধি কৰিবলৈ ভাৰতে প্ৰযুক্তিৰ ওপৰত অত্যন্ত গুৰুত্ব দিছেঃ প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 17 FEB 2023 10:34AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতে মানুহৰ জীৱন-ধাৰণৰ সূচলতা আৰু অধিক বৃদ্ধি কৰিবলৈ প্ৰযুক্তিৰ ওপৰত অত্যন্ত গুৰুত্ব দিছে। তেওঁ এইমছ ঋষিকেশৰ পৰা জিলা চিকিৎসালয়, তেহৰী গড়ৱাললৈ প্ৰায় ৩০ মিনিটৰ ভিতৰত ৪০ কিলোমিটাৰ আকাশী দূৰত্ব অতিক্ৰম কৰি ২ কেজি ওজনৰ টিবিৰ ঔষধ কঢ়িয়াই নিয়া এক ট্ৰায়েল সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰালয়ৰ এক টুইটৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰি কয়,

“মানুহৰ জীৱন-ধাৰণৰ সূচলতা আৰু অধিক বৃদ্ধি কৰিবলৈ ভাৰতে প্ৰযুক্তিৰ ওপৰত অত্যন্ত গুৰুত্ব দিছে।”

***

DS/ST/MS


(रिलीज़ आईडी: 1900871) आगंतुक पटल : 158
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam