প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ৰোজগাৰ মেলাৰ অধীনত ২০ জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে চৰকাৰী বিভাগ আৰু প্ৰতিষ্ঠানত নতুনকৈ অন্তৰ্ভুক্ত হোৱা প্ৰায় ৭১,০০০ নৱনিযুক্তৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব

प्रविष्टि तिथि: 19 JAN 2023 2:42PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ জানুৱাৰীৰ পুৱা ১০:৩০ বজাত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে চৰকাৰী বিভাগ আৰু প্ৰতিষ্ঠানসমূহত নতুনকৈ নিযুক্তি লাভ কৰাসকলৰ মাজত প্ৰায় ৭১,০০০ নিযুক্তি পত্ৰ বিতৰণ কৰিব। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে নৱনিযুক্তসকলক সম্বোধন কৰিব।

নিয়োগ সৃষ্টিক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়াৰ বাবে প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশত এক পদক্ষেপ হৈছে ৰোজগাৰ মেলা । এই ৰোজগাৰ মেলাই অধিক নিয়োগ সৃষ্টিত অনুঘটক হিচাপে কাম কৰিব আৰু যুৱকসকলক তেওঁলোকৰ সবলীকৰণৰ লগতে ৰাষ্ট্ৰীয় বিকাশত অংশগ্ৰহণৰ বাবে অৰ্থৱহ সুযোগ প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

সমগ্ৰ দেশৰ পৰা নিৰ্বাচিত নতুনকৈ নিযুক্তি লাভ কৰাসকলে ভাৰত চৰকাৰৰ অধীনৰ বিভিন্ন পদ/পদবী যেনে কনিষ্ঠ অভিযন্তা, লোকো পাইলট, টেকনিচিয়ান, পৰিদৰ্শক, উপ-পৰিদৰ্শক, কনিষ্টবল, ষ্টেনোগ্ৰাফাৰ, কনিষ্ঠ একাউণ্টেণ্ট, গ্ৰামীণ ডাক সেৱক, আয়কৰ পৰিদৰ্শক, শিক্ষক, নাৰ্ছ, চিকিৎসক, সামাজিক সুৰক্ষা বিষয়া, পিএ, এমটিএছ আদি বিভিন্ন পদত যোগদান কৰিব ।

এই ৰোজগাৰ কাৰ্যসূচীৰ সময়ত নতুনকৈ অন্তৰ্ভুক্ত হোৱা বিষয়াসকলৰ ‘কৰ্মযোগী প্ৰাৰম্ভ’ মডিউলৰ পৰা শিকাৰ ক্ষেত্ৰত লাভ কৰা অভিজ্ঞতাও ভাগ বতৰা কৰা হ'ব। ‘কৰ্মযোগী প্ৰাৰম্ভ’ মডিউল হৈছে বিভিন্ন চৰকাৰী বিভাগৰ সকলো নতুন নিযুক্তিৰ বাবে এক অনলাইন দিশনিৰ্দেশক পাঠ্যক্ৰম।

 

***

DS/LP/AK/KG


(रिलीज़ आईडी: 1892977) आगंतुक पटल : 158
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam