যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়

৬ ফেব্ৰুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ গুৱাহাটীত অনুষ্ঠিত হ’ব ইয়থ২০ গোটৰ প্ৰথমখন বৈঠক

আগন্তুক দিনকেইটাত অসমৰ ৩৪খন জিলাৰ পঞ্চাশৰো অধিক মহাবিদ্যালয় তথা বিশ্ববিদ্যালয়ৰ প্ৰায় ১২,০০০ শিক্ষাৰ্থীয়ে সন্মিলনত পাঁচটা বিষয়ৰ আলোচনাত মিলিত হ’ব

আলোচনাৰ পৰামৰ্শসমূহ ৱাই২০-ৰ বৈঠকত প্ৰতিনিধিবৰ্গৰ সৈতে বিনিময় কৰা হ’ব

৭ ফেব্ৰুৱাৰী তাৰিখে অসমৰ চাৰিশ নিৰ্বাচিত শিক্ষাৰ্থীয়ে মূল অনুষ্ঠানত অংশগ্ৰহণ কৰিব

Posted On: 22 JAN 2023 2:06PM by PIB Guwahati

ভাৰতে জি-২০ সন্মিলনৰ সমান্তৰালভাৱে প্ৰথমবাৰৰ বাবে ইয়থ-২০ (ৱাই২০) সন্মিলনৰ আয়োজন কৰাৰ পৰিপ্ৰেক্ষিতত ৱাই-২০ গোটৰ প্ৰথমখন বৈঠক অহা ৬ ফেব্ৰুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰী তাৰিখলৈ গুৱাহাটীত অনুষ্ঠিত হ'ব। অহা আগষ্ট মাহত অনুষ্ঠিত হ'বলগীয়া অন্তিমখন ইয়থ-২০ সন্মিলন পৰ্যন্ত সমগ্ৰ ভাৰতত পাঁচটা ৱাই-২০ বিষয়ৰ ওপৰত অনুষ্ঠিত হ'বলগীয়া বিভিন্ন বৈঠকৰ ভিতৰত এইখনেই হৈছে প্ৰথমখন বৈঠক। অসমত অনুষ্ঠিত হ’বলগীয়া তিনিদিনীয়া অনুষ্ঠানত সমগ্ৰ বিশ্বৰ পৰা ২৫০ত কৈও অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। এই বৈঠকত পাঁচটা বিষয় যেনে- কৰ্মৰ ভৱিষ্যত, জলবায়ু পৰিৱৰ্তন আৰু দুৰ্যোগৰ বিপদাশংকা হ্ৰাস; শান্তি স্থাপন আৰু মীমাংসা; গণতন্ত্ৰ আৰু স্বাস্থ্য, সুস্থতা আৰু ক্ৰীড়াত যুৱসকল- এই বিষয়কেইটাৰ ওপৰত গুৰুত্ব দিয়া হ’ব।

 

ইয়থ-২০ হৈছে জি-২০-ৰ অধীনত আঠটা গোটৰ ভিতৰত অন্যতম এটা। ইয়াক জি-২০ কৰ্তৃপক্ষ আৰু স্থানীয় যুৱসমাজৰ মাজত এটা সংযোগ বিন্দু সৃষ্টি কৰাৰ এটা প্ৰয়াস হিচাপে গণ্য কৰা হৈছে। ২০২৩ চনত ৱাই-২০ ভাৰত সন্মিলনে দেশৰ যুৱ-কেন্দ্ৰিক প্ৰচেষ্টাৰ উদাহৰণ দাঙি ধৰিব আৰু সমগ্ৰ বিশ্বৰ যুৱপ্ৰজন্মক মূল্যবোধ আৰু নীতিগত ব্যৱস্থা প্ৰদৰ্শন কৰাৰ সুযোগ প্ৰদান কৰিব।

 

ৱাই-২০ বৈঠকৰ প্ৰাকমুহূৰ্তত এক অংশগ্ৰহণমূলক আৰু সামগ্ৰিক আলোচনা পৰিবেশতন্ত্ৰ সৃষ্টি কৰাৰ বাবে, অসমৰ ৩৪ খন জিলাৰ ৫০ খনতকৈও অধিক বিশ্ববিদ্যালয়/মহাবিদ্যালয়ে ১৯ জানুৱাৰীৰ পৰা প্ৰাৰম্ভিক বৈঠকলৈকে তেওঁলোকৰ চৌহদত আলোচনাচক্ৰ, কৰ্মশালা, বিতৰ্ক আৰু পেনেল আলোচনাৰ আয়োজন কৰিছে। এই অনুষ্ঠানবোৰত ১২,০০০ ৰো অধিক মহাবিদ্যালয়/বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। প্ৰতিখন উচ্চ শিক্ষা প্ৰতিষ্ঠানে নিকটৱৰ্তী ১০খন বিদ্যালয়ত জি-২০ গোট আৰু কাৰ্যকলাপৰ বিষয়ে বিদ্যালয়সমূহক অৱগত কৰাৰ বাবে সজাগতা অভিযানৰ আয়োজন কৰিব।

 

বিভিন্ন অংশগ্ৰহণকাৰী বিশ্ববিদ্যালয়/মহাবিদ্যালয়ৰ প্ৰতিযোগিতাসমূহৰ পুৰস্কাৰ বিজয়ীসহ ৪০০ গৰাকী অংশগ্ৰহণকাৰীয়ে ৭ ফেব্ৰুৱাৰী, ২০২৩ তাৰিখে আইআইটি-গুৱাহাটীত অনুষ্ঠিত কেন্দ্ৰীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু তেওঁলোকক উদ্ভাৱন আৰু উদ্যোগ-শিক্ষাৰ সংযোগৰ বিষয়ে পৰামৰ্শ দিয়া হ'ব। তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় যুৱ প্ৰতিনিধিসকলৰ সৈতে এক অংশীদাৰী ভৱিষ্যতৰ বাবে চিন্তা-ধাৰণা বিনিময় কৰাৰ সুযোগ লাভ কৰিব।

 

অধিক বিৱৰণৰ বাবে চাওকঃ

 

 

https://pib.gov.in/PressReleaseIframePage.aspx?PRID=1889239 

 

https://pib.gov.in/PressReleasePage.aspx?PRID=1888943

 

 

Pavni Gupta/Barnali Mahanta



(Release ID: 1892828) Visitor Counter : 416