প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নাচিক-শিৰডী ঘাইপথত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক
ভুক্তভোগীসকললৈ পিএমএনআৰএফৰপৰা এক্স-গ্ৰেচিয়া ঘোষণা
Posted On:
13 JAN 2023 12:00PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নাচিক-শিৰডী ঘাইপথত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে ভুক্তভোগীসকললৈ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি (PMNRF) ৰপৰা এক্স-গ্ৰেচিয়াও ঘোষণা কৰিছে।
প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এইদৰে টুইট কৰে;
"নাচিক-শিৰডী ঘাইপথত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত শোকাহত হৈছো। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনালো। আহতসকলৰ আশু-আৰোগ্য কামনা কৰিলো। পিএমএনআৰএফৰপৰা নিহতসকলৰ নিকট আত্মীয়লৈ ২ লাখ টকাকৈ এক্স গ্ৰেচিয়া আগবঢ়োৱা হ'ব। আহতসকলক ৫০,০০০ টকাকৈ প্ৰদানৰ ব্যৱস্থা কৰা হৈছেঃ প্ৰধানমন্ত্ৰী মোদী"
***
DS/SH/SB
(Release ID: 1891390)
Visitor Counter : 120
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam