প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

চেকেন্দ্ৰাবাদক বিশাখাপট্টনমৰ সৈতে সংযুক্ত কৰিবলগীয়া ‘বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লগাড়ী’ৰ ‘ফ্লেগ অফ কৰিব’ প্ৰধানমন্ত্ৰীয়ে ১৫ জানুৱাৰীত

प्रविष्टि तिथि: 13 JAN 2023 4:56PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্স ব্যৱস্থাৰে ১৫ জানুৱাৰীৰ পুৱা ১০:৩০ বজাত চেকেন্দ্ৰাবাদক বিশাখাপত্তনমৰ সৈতে সংযোগ কৰিবলগীয়া ‘বন্দে ভাৰত এক্সপ্ৰেছ ৰে'লগাড়ী’খনৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব।

ভাৰতীয় ৰে'লৱেৰ দ্বাৰা প্ৰৱৰ্তন কৰা এইখন হ’ব অষ্টমখন ‘বন্দে ভাৰত এক্সপ্ৰেছ’। প্ৰায় ৭০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশক ধৰি দুখন তেলেগু ভাষী ৰাজ্যক সংযোগ কৰা এইখন হ’ব প্ৰথমখন ৰে'লগাড়ী। ৰে’লখন ৰখাবলগীয়া নিৰ্দ্ধাৰিত অস্থানকেইটা হৈছে অন্ধ্ৰ প্ৰদেশৰ বিশাখাপত্তনম, ৰাজমুন্দ্ৰী তথা বিজয়ৱাড়া ষ্টেচন, আৰু তেলেংগানাৰ খাম্মাম, ৱাৰাংগল আৰু চেকেন্দ্ৰাবাদ।

স্বদেশী ভাৱে আৰ্হি কৰা ‘বন্দে ভাৰত এক্সপ্ৰেছ’ ৰে'লগাড়ীখন হৈছে যাত্ৰীৰ বাবে অত্যাধুনিক সা-সুবিধাৰে সজ্জিত আৰু ই ৰে'ল ব্যৱহাৰকাৰীসকলক দ্ৰুত, আৰামদায়ক আৰু সুবিধাজনক ভ্ৰমণৰ অভিজ্ঞতা প্ৰদান কৰে।

 

***

DS/LP/AK/KB


(रिलीज़ आईडी: 1891389) आगंतुक पटल : 159
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Odia , Tamil , Telugu , Malayalam