কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা

হিমাচল প্ৰদেশত ৩৮২মেগাৱাট উত্পাদনক্ষম ‘ছুন্নী জলবিদ্যুত্ প্ৰকল্প’ত ‘এছজেভিএন’-ৰ বিনিয়োগ প্ৰস্তাৱলৈ অনুমোদন

Posted On: 04 JAN 2023 4:04PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত ‘অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট সমিতি’ৰ সভাই হিমাচল প্ৰদেশত ৩৮২ মেগাৱাট উত্পাদনক্ষম ‘ছুন্নী জলবিদ্যুত্ প্ৰকল্প’ত ‘এছজেভিএন লিমিটেড’-য়ে কৰিব খোজা বিনিয়োগলৈ অনুমোদন জনাইছে। আন্তঃগাঁথনি নিৰ্মাণৰ বাবে ভাৰত চৰকাৰে সহযোগিতা হিচাপে আগবঢ়োৱা ১৩.৮০ কোটি টকাকে ধৰি প্ৰকল্পটোৰ প্ৰাককলিত ব্যয়ৰ পৰিমাণ হৈছে ২৬১৪.৫১কোটি টকা। ২০২২ৰ জানুৱাৰী মাহলৈকে সামগ্ৰিক ব্যয়ৰ বাবে ২৪৬ কোটি টকাৰ কাৰ্যোত্তৰ অনুমোদন প্ৰদান কৰা হয়।

২৬১৪ কোটি টকাৰ প্ৰকল্প ব্যয়ৰ ভিতৰত আছে ক্ৰমে ২২৪৬.৪০ কোটি টকা নিৰ্মাণ ব্যয়, ৩৫৮.৯৬ কোটি টকা নিৰ্মাণৰ সময়ৰ সূদ (আইডিচি) আৰু ৯.১৫ কোটি টকা বিত্তীয় মাচুল (এফচি)। পৰিমাণ পৰিৱৰ্তনৰ বাবে (সংযোজন/পৰিৱৰ্তন/অতিৰিক্ত সামগ্ৰী সহ) আৰু বিকাশকৰ বাবে হোৱা সময় অতিক্ৰমণৰ ফলত হোৱা ব্যয়ৰ তাৰতম্যৰ বিপৰীতে সংশোধিত ব্যয় অনুমোদিত ব্যয়ৰ ১০%ত সীমাবদ্ধ কৰা হ'ব।

‘আত্মনিৰ্ভৰ ভাৰত অভিযান’ৰ লক্ষ্য আৰু উদ্দেশ্য সাৰোগত কৰি ‘এছজেভিএন’ৰ দ্বাৰা স্থাপন কৰিব খোজা ৩৮২ মেগাৱাট উত্পাদনক্ষম ‘ছুন্নী জলবিদ্যুত্ বান্ধ প্ৰকল্প’ই স্থানীয় যোগানীয়াৰ/স্থানীয় উদ্যোগ/’এমএছএমই’সমূহক বিভিন্ন ধৰণে লাভান্বিত কৰাৰ লগতে অঞ্চলটোত নিয়োগ আৰু আৰ্থ-সামাজিক বিকাশক উৎসাহিত কৰিব। প্ৰকল্পটোৰ নিৰ্মাণৰ সময়ত সৰ্বাধিক প্ৰায় ৪০০০ লোকক প্ৰত্যক্ষ আৰু পৰোক্ষ নিয়োগৰ সম্ভাৱনা সৃষ্টি কৰিব।

***

DS/KB



(Release ID: 1888736) Visitor Counter : 94