প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শ্ৰী এন চি দেব্বৰ্মাৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
Posted On:
01 JAN 2023 7:36PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ত্ৰিপুৰাৰ মন্ত্ৰী তথা ৰাজনৈতিক নেতা শ্ৰী এন চি দেববৰ্মাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।
শ্ৰী মোদীয়ে এটা টুইটত কয়:
"সদায় জনসাধাৰণৰ উন্নতিৰ বাবে কাম কৰা শ্ৰী এন চি দেব্বৰ্মাজীক তৃণমূল পৰ্যায়ত কাম কৰা এজন কঠোৰ পৰিশ্ৰমী ৰাজনৈতিক নেতা হিচাপে অনাগত প্ৰজন্মই স্মৰণ কৰিব। ত্ৰিপুৰাৰ প্ৰগতিত তেওঁ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল। তেওঁৰ মৃত্যুত মই অত্যন্ত দুখিত। তেওঁৰ পৰিয়াল আৰু সমৰ্থকসকলৰ প্ৰতি গভীৰ সমবেদনা। ঔঁম শান্তি। '
***
DS/AK
(Release ID: 1888493)
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam