তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
কোষ্টা ৰিকাৰ চলচ্চিত্ৰ নিৰ্মাতা ভেলেন্টিনা মৌৰেলৰ স্পেনিছ ছবি ‘আই হেভ ইলেক্ট্ৰিক ড্ৰিমছ’ ৰ গ’ল্ডেন পিকক লাভ
আমি আমাৰ দেহ-মন, হৃদয় আৰু আত্মাৰ পূৰ্ণ শক্তিৰে ছবি উদযাপন কৰো আৰু এতিয়া, আমাক আইএফএফআইৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ জুৰীয়ে আমাক এই মহান কলাত ভাগ ল’বলৈ আমন্ত্ৰণ জনাইছে। আমি ঘোষণা কৰিবলৈ আগবাঢ়িছো সেইসকলৰ নাম, যিসকলক জুৰীয়ে সন্মান, স্বীকৃতি আৰু প্ৰশংসাৰ যোগ্য বুলি বিবেচনা কৰিছে।
স্পেনিছ ছবি ‘আই হেভ ইলেক্ট্ৰিক ড্ৰিমছ’ শ্ৰেষ্ঠ চলচ্চিত্ৰ
এই মহোৎসৱত শ্ৰেষ্ঠ ছবিৰ বাবে সন্মানীয় গ’ল্ডেন পিকক লাভ কৰিছে স্পেনিছ ছবি Tengo sueñoseléctricos / আই হেভ ইলেক্ট্ৰিক ড্ৰিমছ য়ে। চলচ্চিত্ৰখনিক জুৰীয়ে চিনেমাৰ বৰ্তমান আৰু ভৱিষ্যতৰ প্ৰতিফলন বুলি অভিহিত কৰিছে। কোষ্টা ৰিকাৰ চলচ্চিত্ৰ নিৰ্মাতা ভেলেন্টিনা মৌৰেল পৰিচালিত এই ছবিখনে এগৰাকী ১৬-বছৰীয়া গাভৰু ইভাৰ পূর্ণতাপ্রাপ্তিৰ অন্বেষণ কৰিছে। এই সময়ছোৱা কেৱল বয়স বৃদ্ধিতে সীমাবদ্ধ নহয়, বৰঞ্চ ইয়াৰ গভীৰতা ইমানেই বেছি যে কেতিয়াবা ই মানুহক এক নিৰ্দিষ্ট দিশৰে আগুৱাই নিব পাৰে। ছবিখনে জীৱনৰ এক সন্ধিক্ষণৰ অৱলোকন কৰিছে বুলি উল্লেখ কৰি জুৰীয়ে কয় যে হিংসা আৰু কৃপা, ক্ৰোধ আৰু ঘনিষ্ঠতাৰ ব্যৱধান সম্পৰ্কে ছবিখনে কৈছে। “ছবিখনি ইমানেই উত্তেজনাপূর্ণ, ইমানেই স্পন্দনশীল যে এয়া চাই থাকোতে আমি এনে অনুভৱ কৰিছিলো যেন আমি নিজেই শিঁহৰিত হৈ উঠিছো”, জুৰীয়ে এইদৰে কয়।

আই হেভ ইলেক্ট্ৰিক ড্ৰিমছ ৰ এটি মুহূৰ্ত
সুদূৰ দিগন্তৰ লোকক চিন্তাৰ খোৰাক যোগাব পৰা আৰু একে সময়তে সৰ্বজনীন পাৰিবাৰিক প্ৰমূল্যবোধ বা অনুভৱৰ সৈতে সংযোগ স্থাপন কৰিবপৰা ছবিখনৰ প্ৰযোজক হৈছে বেন’ইট ৰ’লেণ্ড আৰু গ্ৰেগ’ৰ ডেবেইলি।
ইৰানৰ পশ্চাদমুখী সামাজিক-ৰাজনৈতিক ব্যৱস্থাৰ যাদুকৰী আৰু সূক্ষ্ম চিত্ৰায়ন ন’ এণ্ড ৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ ছিলভাৰ পিকক লাভ ইৰানী লেখক আৰু পৰিচালক নাদেৰ ছাইভাৰৰ
ইৰানৰ ‘চিক্ৰেট’ আৰক্ষীৰ হেতালি আৰু ষড়যন্ত্ৰক চিত্ৰায়ন কৰা তুৰস্কৰ ছবি ন’ এণ্ড / Bi Payan ৰ পৰিচালক নাদেৰ ছাইভাৰে শ্ৰেষ্ঠ পৰিচালকৰ বাবে ছিলভাৰ পিকক লাভ কৰিছে। জুৰীয়ে কয় যে ইৰানৰ এই ছবিখনে ইয়াৰ অতি পশ্চাদমুখী সামাজিক-ৰাজনৈতিক ব্যৱস্থাটোক এক যাদুকৰী সূক্ষ্ম আখ্যানত উপস্থাপন কৰিছে – চলচ্চিত্ৰখনিয়ে সংবেদনশীলতাক প্ৰকট কৰি তুলিছে।

ন’ এণ্ড ৰ মুখ্য অভিনেতা বাহিদ মোবাছেৰী লৈ শ্ৰেষ্ঠ অভিনেতাৰ বাবে ছিলভাৰ পিকক
নাদেৰ ছাইভাৰৰ পৰিচালিত ন’ এণ্ড ছবিখনিত আয়াজিন চৰিত্ৰৰ বাবে জুৰীয়ে সৰ্বসন্মতিক্ৰমে বাহিদ মোবাছেৰীক শ্ৰেষ্ঠ অভিনেতা হিচাপে ঘোষণা কৰে। এই সন্দৰ্ভত জুৰীয়ে কয়, “এই অভিনেতাজনে কেৱল ইংগিতেৰে কোনো শব্দ নোহোৱাকৈ আৰু কেৱল মুখখনেৰে নায়কক অত্যাচাৰৰ জটিলতাক উপস্থাপন কৰিবলৈ সক্ষম হৈছে।“
শ্ৰেষ্ঠ ছবি ‘আই হেভ ইলেক্ট্ৰিক ড্ৰিমছ’ ৰ মুখ্য অভিনেত্ৰী ডেনিয়েলা মেৰিন নাভাৰো লৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ছিলভাৰ পিকক
স্পেনিছ ছবি ‘আই হেভ ইলেক্ট্ৰিক ড্ৰিমছ’ ত ১৬-বছৰীয়া ছোৱালী ইভাৰ চৰিত্ৰত অভিনয় কৰা ১৯-বছৰীয়া নৱাগতা অভিনেত্ৰী ডেনিয়েলা মেৰিন নাভাৰোক শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে ঘোষণা কৰা হৈছে। জুৰীৰ সদস্যসকলে উল্লেখ কৰে যে ডেনিয়েলাক এই স্বীকৃতিৰ বাবে বাছনি কৰা হৈছে। “অভিনেত্ৰীগৰাকীয়ে সহজতা, সতেজতা আৰু বিশ্বাসযোগ্যতাৰে নিজৰ অভিনয় কৰিছে, তেওঁৰ চৰিত্ৰটোক জীৱন দিছে।" উল্লেখযোগ্য যে ডেনিয়েলাই লোকাৰ্নো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছে।
হোৱেন দ্য ৱেভছ আৰ গান / Kapagwalanangmgaalon ৰ বাবে ফিলিপাইনছৰ চলচ্চিত্ৰ নিৰ্মাতা লভ ডায়েজ ৰ বিশেষ জুৰী বঁটা লাভ
ফিলিপাইনছৰ চলচ্চিত্ৰ নিৰ্মাতা লভ ডায়েজৰ হোৱেন দ্য ৱেভছ আৰ গানে আইএফএফআই ৫৩ বিশেষ জুৰী বঁটা লাভ কৰে। এই সন্দৰ্ভত জুৰীয়ে কয়, “চলচ্চিত্ৰখনে ভিজুৱেল ষ্টৰীটেলিঙৰ শক্তিৰ দৃষ্টান্ত দাঙি ধৰে। ইয়াত কথা ন্যূনতম, তথাপিও আৱেগ, বিশেষকৈ ক্ৰোধৰ পূৰ্ণ প্ৰকাশ ঘটিছে।”

হোৱেন দ্য ৱেভছ আৰ গান ৰ এটি মুহূৰ্ত
ছবিখনিক ফিলিপাইনছৰ এগৰাকী তদন্তকাৰীৰ কথাৰে সমৃদ্ধ কৰা হৈছে। যিয়ে গভীৰ নৈতিক সন্ধিক্ষণত উপনীত হ’বলগা হৈছে। ছবিখনিয়ে তেওঁৰ অন্ধকাৰময় অতীতৰ অৱলোকন কৰিছে যি অতীতে তেওঁক তীব্ৰ উদ্বেগ আৰু অপৰাধবোধেৰে ভাৰাক্ৰান্ত কৰি তুলিছে। ‘চিনেমেটিক টাইম’ ৰ স্বকীয় ৰূপ সৃষ্টিৰ বাবে পৰিচিত লভ ডায়েজ।
বিহাইণ্ড দ্য হেষ্টেকছ ৰ বাবে পৰিচালকৰ শ্ৰেষ্ঠ প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ ছবিৰ বঁটা লাভ আছিমিনা প্ৰ’ড্ৰ’ ৰ
মহোৎসৱত আন্তঃৰাষ্ট্ৰীয় প্ৰিমিয়াৰ হোৱা বিহাইণ্ড দ্য হেষ্টেকছ ছবিখনৰ বাবে আইএফএফআই য়ে এথেন্সৰ পৰিচালক আছিমিনা প্ৰ’ড্ৰ’ ক পৰিচালকৰ শ্ৰেষ্ঠ প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ ছবিৰ বঁটাৰে সন্মানিত কৰে। এই সন্দৰ্ভত জুৰীয়ে উল্লেখ কৰে যে ছবিখন হৈছে “প্ৰবল নৈতিকতা, নৃজাতীয় শৰণাৰ্থী সংকটৰ প্ৰতি শিপাই যোৱা বিদ্বেষ আৰু কিশোৰ-কিশোৰীৰ চেতনা জাগ্ৰতকৰণ” ৰ পূৰ্ণ প্ৰকাশ। কাহিনীটোৱে দৰ্শকক এজন পুৰুষ, তেওঁৰ পত্নী আৰু তেওঁৰ কন্যাৰ যাত্ৰাৰ অৱলোকন কৰিছে।


বিহাইণ্ড দ্য হেষ্টেকছ ৰ এটি মুহূৰ্ত
চিনেমা বাণ্ডিৰ বাবে স্পেচিয়েল মেনচন প্ৰবীণ কন্দৰেগুল লৈ
পৰিচালক, লেখক আৰু চিনেমাট’গ্ৰাফাৰ প্ৰবীণ কন্দৰেগুলে তেওঁৰ ছবি চিনেমা বাণ্ডিৰ বাবে জুৰীৰ স্পেচিয়েল মেনচন লাভ কৰিছে। চলচ্চিত্ৰখনিত এগৰাকী দৰিদ্ৰ আৰু সংগ্ৰামী অটো চালকৰ জীৱন-যাত্ৰাক প্ৰদৰ্শন কৰা হৈছে। তেওঁ এটি দামী কেমেৰাৰে অটো চালকৰপৰা এজন চলচ্চিত্ৰ নিৰ্মাতা হ’বলৈ সংগ্ৰাম কৰিছে। জুৰীয়ে উল্লেখ কৰে যে ছবিখনে ভাৰতৰ চিনেমাৰ প্ৰতি থকা আকাংক্ষা আৰু আকৰ্ষণৰ বৰ্ণনা কৰিছে।

গতিকে, এই চলচ্চিত্ৰসমূহ চাই ভাৰতীয় আৰু বিশ্ব চিনেমাৰ অতিশয় উত্তম ছবিসমূহক চিনাক্তকৰণৰ দৰে প্ৰত্যাহ্বানমূলক কাম কোনে কৰিছে বাৰু? উক্ত আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ জুৰীৰ নেতৃত্বত আছে ইজৰাইলৰ লেখক আৰু চলচ্চিত্ৰ পৰিচালক নাডাভ লেপিড আৰু জুৰীৰ আন-আন সদস্যসকল হৈছেঃ আমেৰিকাৰ প্ৰযোজক জিংক’ গটোহ, ফ্ৰান্সৰ চলচ্চিত্ৰ সম্পাদক পাস্কেল চাভান্স, ফ্ৰান্সৰ তথ্যচিত্ৰ নিৰ্মাতা, চলচ্চিত্ৰ সমালোচক আৰু সাংবাদিক জেভিয়াৰ এংগুলো বাৰ্টুৰেন আৰু ভাৰতীয় চলচ্চিত্ৰ পৰিচালক সুদীপ্ত সেন।
***
(Release ID: 1879642)
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam