প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

নতুন দিল্লীত অনুষ্ঠিত ‘ন’ মানী ফৰ টেৰ’ৰ’ শীৰ্ষক সন্ত্ৰাসবাদৰ বিত্তীয় পৃষ্ঠপোষকতা প্ৰতিৰোধ সম্পৰ্কীয় তৃতীয় মন্ত্ৰী পৰ্যায়ৰ সন্মিলনত প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

Posted On: 18 NOV 2022 10:39AM by PIB Guwahati

কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলত মোৰ সতীৰ্থ সহযোগী শ্ৰী অমিত শ্বাহ জী, উপস্থিত মহানুভৱসকল, বিভিন্ন দেশৰ পৰা অহা প্ৰতিনিধিসকল, বিশ্বৰ বিভিন্ন প্ৰান্তৰ তদন্তকাৰী সংস্থা তথা সুৰক্ষা বাহিনীসমূহৰ সদস্য আৰু মোৰ প্ৰিয় মিত্ৰগণ!

মই সন্ত্ৰাসবাদৰ বিত্তীয় পৃষ্ঠপোষকতা প্ৰতিৰোধ সম্পৰ্কীয় তৃতীয় মন্ত্ৰী পৰ্যায়ৰ সন্মিলনলৈ আপোনালোক আটাইকে স্বাগত জনাইছো।

 

বন্ধুসকল,

এইখন সন্মিলন যে ভাৰতত অনুষ্ঠিত হৈছে সেইটো নিতান্তই গুৰুত্বপূৰ্ণ কথা। বিশ্বই যেতিয়া আতংকবাদৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰাদান কৰা নাছিল আমাৰ দেশে তাৰো আগৰে পৰাই সন্ত্ৰাসৰ ভয়াবহতাৰ সন্মুখীন হ’বলৈ বাধ্য হৈছিল। বহু দশক ধৰি আতংকবাদে ভাৰতত বিভিন্ন নাম আৰু প্ৰকাৰৰে আঘাত হানি আহিছিল। আমি বহু হাজাৰ অমূল্য জীৱন হেৰুৱাবলগীয়া হৈছে যদিও আমি  নিৰ্ভীক ভাবে সন্ত্ৰাসবাদৰে যুঁজি আহিছো।

প্ৰতিনিধিসকলে এনে এখন দেশৰ মানুহৰ সৈতে কথা-বতৰা হোৱাৰ সুযোগ লাভ কৰিব, যিয়ে সম্পূৰ্ণ দৃঢ়তাৰে সন্ত্ৰাসবাদৰ সৈতে মোকাবিলা কৰি আহিছে। আমি একোটা আক্ৰমণকো বহুবোৰ আক্ৰমণৰ দৰে গণ্য কৰো। এজন লোকৰ মৃত্যুকো বহুজনৰ মৃত্যু বুলি গণ্য কৰো। সেয়ে যি পৰ্যন্ত সন্ত্ৰাসবাদী ঘটনাৰ অন্ত নপৰিব, আমি শান্তিৰে বহি নাথাকিম।

 

বন্ধুসকল,

এই এখন খুবেই গুৰুত্বপূৰ্ণ সন্মিলন। এইখন সন্মিলনক কেৱল মন্ত্ৰীসকলৰ সন্মিলন বুলি চোৱা উচিত নহ’ব, কিয়নো এই সন্মিলনত এনেবোৰ বিষয় সন্দৰ্ভত আলোচনা কৰা হ’ব, যি সমগ্ৰ মানৱ জাতিকে প্ৰভাৱিত কৰে। সন্ত্ৰাসবাদৰ দীৰ্ঘদিনীয়া দুষ্প্ৰভাৱ, বিশেষকৈ দুখীয়া আৰু স্থানীয় অৰ্থব্যৱস্থাৰ বাবে খুবেই কুফলদায়ক হৈ উঠে। সেয়া লাগিলে পৰ্যটনেই হওক কিম্বা বেপাৰ-বাণিজ্যই হওক, য’ত নিৰন্তৰ বিপদৰ আশংকাই বিৰাজ কৰে, তেনে ঠাইলৈ কোনো ব্যক্তিয়েই যাব নিবিচাৰে, কাৰণ মানুহৰ জীৱন-জীৱিকাৰ সমল নোহোৱা হৈ পৰে। সেয়ে আতংকবাদক পৃষ্ঠপোষকতা কৰাসকলৰ মূলোচ্ছোদ কৰাতো নিতান্তই প্ৰয়োজন।

 

বন্ধুসকল,

সাম্প্ৰতিক পৃথিৱীলৈ চকু দিলে দেখা যায় যে পৃথৱীক এতিয়া আৰু সন্ত্ৰাসবাদৰ আতংক সন্দৰ্ভত সকীয়াই দিয়াৰ আৱশ্যকতা নাই। অৱশ্যে, বহুবোৰ স্থানত এতিয়াও আতংকবাদক লৈ ভুল ধাৰণা বৰ্তী আহিছে। বেলেগ বেলেগ ঠাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে প্ৰতিক্ৰীয়াও যে বেলেগ বেলেগ সেই কথা কোৱাৰো চাগৈ আৱশ্যকতা নাই। সন্ত্ৰাবাদীসকলৰ বিৰুদ্ধে প্ৰকাশিত হোৱা প্ৰতিক্ৰিয়াৰ তীব্ৰতাও বেলেগ বেলগ হোৱাৰো আৱশ্যক নহয়। সকলো ধৰণৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধেই একেধৰণৰ ব্যৱস্থা গ্ৰহণৰ খুবেই প্ৰয়োজনীয়তা আছে। ইয়াৰ বাহিৰেও, কেতিয়াবা কেতিয়াবা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে গ্ৰহণ কৰা ব্যৱস্থাৱলী বন্ধ কৰাৰ বাবে সন্ত্ৰাসবাদৰ সমৰ্থনত পৰোক্ষ ভাবে যক্তিও প্ৰদৰ্শন কৰা হয়। এই বিশ্ব-সংকটৰ মোকাবিলা কৰাৰ বাবে জোৰা-টাপলি মৰা বিধৰ ব্যৱস্থা গ্ৰহণৰ প্ৰৱণতাৰ ঠাইত ঐকবদ্ধ আৰু সন্ত্ৰাসবাদক কেতিয়াও সহ্য নকৰাৰ ভাৱনাৰ জোৰতহে সন্ত্ৰাসবাদক পৰাস্ত কৰিব পৰা যাব।

 

বন্ধুসকল,

সন্ত্ৰাসবাদীৰে যুদ্ধ কৰা আৰু সন্ত্ৰাসবাদৰে যুদ্ধ কৰা, এই দুয়োটাই বেলেগ বেলেগ ধৰণৰ কথা। সন্ত্ৰাসবাদকতো অস্ত্ৰৰ সহায়ত নিৰস্ত্ৰ কৰিব পাৰি। সুনিয়োজিত পদক্ষেপ গ্ৰহণৰে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ততকালীনভাবে পদক্ষেপ গ্ৰহণ কৰাটো হৈছে এক অভিযান-প্ৰক্ৰিয়া। সন্ত্ৰাসবাদী হৈছে একোজন ব্যক্তি। কিন্তু সংগঠন হৈছে ব্যক্তি আৰু সংগঠনৰ প্ৰণালী। সন্ত্ৰাসবাদক  সমূলে বিনাশ কৰাৰ বাবে বৃহত্ আৰু সক্ৰিয় পদক্ষেপ গ্ৰহণৰ প্ৰয়োজন হয়। আমি যদি বিচাৰো যে আমাৰ নাগৰিকসকল সুৰক্ষিত থাকক, তেতিয়া আমি সন্ত্ৰাসক আমাৰ চৌহদৰ ভিতৰত প্ৰৱেশ কৰালৈকে অপেক্ষা কৰিব নোৱাৰো। আমি সন্ত্ৰাসবাদীসকলক পিচে পিচে খেদি যাব লাগিব, সিহঁতক সমৰ্থন আগবঢ়াওতাসকলৰ নেটৱৰ্কবোৰকো ধ্বংস কৰি পোলাব লাগিব, আৰু সিহঁতৰ ধন-উত্সৰ ওপৰতো প্ৰহাৰ কৰিব লাগিব।

 

বন্ধুসকল,

সকলোৱে ভালকৈয়ে জানে যে সন্ত্ৰাসবাদী সংগঠনবোৰলৈ অনেক উত্সৰ পৰা ধনৰ প্ৰবাহ বয়। এটা প্ৰবাহতো হৈছে কিছুমান দেশৰ পৰা পোৱা সমৰ্থন। কিছুমান দেশে বিদেশ নীতিৰে অংশৰ ৰূপতে সন্ত্ৰাসবাদৰ সমৰ্থন কৰি আহিছে। সেইবোৰ দেশে সন্ত্ৰাসবাদীক ৰাজনৈতিক, বিচাৰধাৰাত্মক আৰু বিত্তীয় সহযোগিতাও আগবঢ়ায়। আন্তঃৰাষ্ট্ৰীয় সংগঠনে এই কথা ভবা উচিত নহয় যে নিয়মিত যুদ্ধ নোহোৱা মানেই কিন্তু শান্তি নহয়। ছদ্ম-যুদ্ধও বিপজ্জনক আৰু হিংসাত্মক হয়। সন্ত্ৰাসবাদৰ সমৰ্থন কৰা দেশবোৰ দণ্ডিত কৰা উচিত। এনেবোৰ সংগঠন আৰু ব্যক্তি, যিসকলে সন্ত্ৰাসবাদীৰ প্ৰতি সহানুভূতিৰ সৃষ্টি কৰাৰ চেষ্টা চলায়, সেইবোৰকো বিধ্বস্ত কৰিব লাগিব। এনেবোৰ কথা-কাণ্ডৰ ক্ষেত্ৰত কোনো ‘কিন্তু-পৰন্তু’ৰ অৱকাশ থকা উচিত নহয়। সন্ত্ৰাসবাদৰ সকলোবোৰ গুপ্ত আৰু সন্মুখত ওলাই কাম কৰা সংগঠনসমূহৰ বিৰুদ্ধে সমগ্ৰ বিশ্বই একজোঁট হোৱাৰ আৱশ্যকতা আছে।

 

বন্ধুসকল,

সন্ত্ৰাসবাদক বিত্তীয় সহযোগিতা আগবঢ়োৱাটোও এক ধৰণৰ সংগঠিত অপৰাধেই হয়। সংগঠিত অপৰাধক ভিন্ন ৰূপত প্ৰত্যক্ষ কৰা উচিত নহয়। এইধৰণৰ কথা-কাণ্ডৰ সম্বন্ধ প্ৰায়েই সন্ত্ৰাসবাদী সংগঠনৰে হোৱা দেখা যায়। অস্ত্ৰ-শস্ত্ৰ, নিচাযুক্ত দ্ৰব্য আৰু অবৈধ বেহাৰে সংগৃহিত ধন সন্ত্ৰাসবাদী কাৰ্যকলাপত ব্যৱহাৰ কৰা হয়। এইটো পক্ষই ল’জিষ্টিক্স আৰু প্ৰচাৰ-মাধ্যমৰ প্ৰসংগতো পৃষ্ঠপোষকতা আগবঢ়ায়। সন্ত্ৰাসৰ বিৰুদ্ধে যুঁজ কৰাৰ সংগঠিত অপৰাধৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণ কৰাটো অত্যন্ত জৰুৰী হৈ উঠে। দেখা যায় যে কেতিয়াবা কেতিয়াবা ধনৰ লেন-দেন আৰু বিত্তীয় অপৰাধৰ দৰে গতিবিধিসমূহেও সন্ত্ৰাসবাদক ধনৰ যোগান ধৰে। এই যুঁজৰ বাবে সমগ্ৰ বিশ্বৰে সহযোগিতাৰ প্ৰয়োজন।

 

বন্ধুসকল,

এনে জটিল পৰিৱেশত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ, বিত্তীয় কাৰ্যব্যৱস্থাৰ কৰ্মবাহিনী, বিত্তীয় অনুসন্ধানকাৰী গোট, আৰু ‘এগমণ্টছ গ্ৰুপ’ অবৈধ ধনৰ প্ৰসাৰণ প্ৰতিৰোধ কৰা, অবৈধ পুঁজিৰ প্ৰবহণৰ প্ৰতিৰোধ কৰা, চিনাক্তকৰণ, আৰু আইনী ব্যৱস্থা গ্ৰহণৰ ক্ৰমত সহযোগিতা বঢ়োৱাৰ ব্যৱস্থা কৰা হৈছে।

 

বন্ধুসকল,

সম্প্ৰতি সন্ত্ৰাসবাদৰ চাল-চৰিত্ৰ সলনি হ’বলৈ ধৰিছে। দ্ৰুতগতিত বিকশিত হোৱা প্ৰযুক্তিৰ প্ৰত্যাহ্বানো আছে, আৰু সমাধানো আছে। সন্ত্ৰাসবাদৰ বাবে ধন সংগ্ৰহ কৰা আৰু সন্ত্ৰাসবাদী ভৰ্তি কৰোৱাৰ বাবে নতুন নতুন প্ৰযুক্তিসমূহৰ ব্যৱহাৰ হ’বলৈ ধৰিছে। ‘ডাৰ্ক নোট’, নিজাববীয়াকৈ বলবত্ কৰা মুদ্ৰা আৰু হঠাতে থন্ ধৰি উঠা প্ৰযুক্তিৰ প্ৰত্যাহ্বানো আছে। নতুন বিত্তীয় প্ৰযুক্তিসমূহৰ উমৈহতীয়া বুজাবুজিৰো আৱশ্যকতা আছে। এনেবোৰ প্ৰয়াসত ব্যক্তিগত খণ্ডসমহকো চামিল কৰাৰ জৰুৰী প্ৰয়োজন আছে। উমৈহতীয়া বুজাবুজিৰ পৰা প্ৰতিৰোধৰ ক্ষেত্ৰত এক উমৈহতীয়া প্ৰণালী, সন্তুলন আৰু নিয়ামকো যুগুতাই উলিয়াব পাৰি। কিন্তু আমি সদায়ে এটা কথাৰ পৰা সাৱধানে থাকিব লাগিব। ইয়াৰ উত্তৰ প্ৰযুক্তিক দোষাৰোপ কৰাই নহয়। ইয়াৰ পৰিৱৰ্তে সন্ত্ৰাসবাদক অনুসৰণ, অনুসন্ধান কৰা আৰু চম্ভালি লোৱাৰ বাবে প্ৰযুক্তিৰ সদ্ব্যৱহাৰত গুৰুত্ব প্ৰদান কৰা উচিত।

 

বন্ধুসকল,

আজি সহযোগিতা কেৱল ভৌতিক বিশ্বৰ বাবেই জৰুৰী নহয়, বৰং ‘ভাৰ্চুৱেল’ বিশ্বৰ বাবেও সমানেই জৰুৰী হৈ উঠিছে। ‘চাইবাৰ সন্ত্ৰাসবাদ’ আৰু অনলাইন মৌলবাদৰ বিস্তাৰৰ বাবে আন্তঃগাঁথনিৰ ব্যৱহাৰ হৈ আহিছে। কিছুসংখ্যক দূৰ-দূৰণিৰ এলেকা আৰু ‘অনলাইন সংসাধন’ৰে অস্ত্ৰ সঞ্চালনৰ প্ৰশিক্ষণৰো ব্যৱস্থা কৰা হৈছে। যোগাযোগ, এঠাইৰ পৰা আন এঠাইলৈ অহা যোৱা কৰা, ‘ল’জিষ্টিক্স’সহ বিভিন্ন দেশত এই শৃংখলাৰ বিভিন্ন ভাগবোৰে স্থান গ্ৰহণ কৰি আহিছে। প্ৰতিখন দেশে নিজে ঢুকি পোৱা ভাগবোৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব পাৰে আৰু তেওঁলোকে এনে কৰা উচিত।

 

বন্ধুসকল,

বিভিন্ন দেশত তেওঁলোকৰ নিজা আইনী সিদ্ধান্ত, প্ৰক্ৰিয়া আৰু কৰ্ম-পদ্ধতি আছে। সাৰ্বভৌম ৰাষ্ট্ৰসমূহৰ হাতত নিজা প্ৰণালীৰে কাম কৰাৰ অধিকাৰ থাকে। অৱশ্যে, আমি এই কথাৰ বাবে সাৱধান হব লাগিব যে বিভিন্ন প্ৰণালীৰ দূৰ্প্ৰয়োগ কৰাৰ সুযোগ সন্ত্ৰাসবাদীয়ে যাতে নাপায়। ইয়াক চৰকাৰসমূহৰ মাজত স্থাপিত গভীৰ সহযোগ আৰু বুজাবুজিৰ জৰিয়তে ৰুধিব পৰা যায়। সংযুক্ত অভিযান, তদন্তকাৰী সংস্থাৰ মাজৰ সমন্বয় আৰু প্ৰত্যাৰ্পণৰে সন্ত্ৰাসৰ বিৰুদ্ধে যুঁজাত সহযোগিতা লাভ কৰিব পৰা যাব। যিয়েই মৌলবাদক সমৰ্থন কৰে, সেইসকলক কোনো এখন দেশেই আশ্ৰয় দিয়া উচিত নহয়।

 

বন্ধুসকল,

বিগত কেইটামান বছৰত সুৰক্ষাৰ বিভিন্ন দিশৰে জড়িত প্ৰসংগত বহুকেইখন সন্মিলন ভাৰতত অনুষ্ঠিত হৈ গৈছে। ভাৰতে নতুন দিল্লীত ইণ্টাৰপোলৰ সাধাৰণ সভাৰ আয়োজন কৰিছিল। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সন্ত্ৰাসবাদ প্ৰতিৰোধী সমিতিৰ এক বিশেষ অধিৱেশন মুম্বাইত অনুষ্ঠিত হৈছিল। এই ‘ন মানী ফৰ টেৰ’ৰ’ সন্মিলনত ভাৰতে সন্ত্ৰাসৰ বিত্তীয় পৃষ্ঠপোষকতাৰ বিৰুদ্ধে বিশ্বক গতিশীল কৰাৰ ক্ষেত্ৰত সহায় কৰি আহিছে। আমাৰ ইচ্ছা আছে যে আমি সন্ত্ৰাসবাদৰ বিৰুদ্ধে আৰম্ভ কৰা যুদ্ধখনক আন এক পৰ্যায়লৈ লৈ যোৱাৰ বাবে সমগ্ৰ বিশ্বকে লগত লৈ আহিছো।

 

বন্ধুসকল,

মই আগন্তুক দিনবোৰত হ’বলগীয়া আলোচনাৰ সফলতাৰ বাবে সকলো অংশগ্ৰহণকাৰীলৈকে শুভকামনা জ্ঞাপন কৰিছো। মই সম্পূৰ্ণ ভাবেই আশ্বস্ত হৈছো যে আপোনালোকে সন্ত্ৰাসৰ বিত্তীয় পোষণৰ সকলো দিশকে বিধ্বস্ত কৰাত বিশেষ সহায় কৰিব।

ধন্যবাদ!

বহুত বহুত ধন্যবাদ!  

 

***

एमजी/एएम/एकेपी/एसके/KB



(Release ID: 1877475) Visitor Counter : 119