শক্তি মন্ত্ৰালয়

শক্তি মন্ত্ৰালয়ৰ মিনি ৰত্ম পিএছইউ নীপকো লিমিটেডৰ দ্বাৰা ৰূপায়ণ কৰা ৬০০ মেগাৱাট ক্ষমতাসম্পন্ন কামেং জলবিদ্যু শক্তি কেন্দ্ৰ দেশবাসীৰ নামত উচৰ্গা কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

Posted On: 19 NOV 2022 12:59PM by PIB Guwahati

•    অৰুণাচল প্ৰদেশৰ ৬০০ মেগাৱাট ক্ষমতাসম্পন্ন কামেং জলবিদ্যুৎ ভাৰতৰ চৰকাৰৰ ৰাষ্ট্ৰীয়ভাৱে নিৰ্ধাৰিত অৱদান (এনডিচি) পূৰণৰ দিশত এক বৃহৎ পদক্ষেপ হ’ব।
•    এই প্ৰকল্পটো ২০৩০ চনৰ ভিতৰত ৩০০০ মেগাৱাটৰ প্ৰকল্পিত জল ক্ষমতা সংযোজনৰ অংশ হিচাপে গঠন হ’ব৷
•    অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাত ৮০ কিলোমিটাৰতকৈও অধিক দৈৰ্ঘ্যৰ এই প্ৰকল্পটোৰ বাবে প্ৰায় ৮২০০ কোটি টকা ব্যয় কৰা হৈছে৷
•    ইয়াৰ ফলত গ্ৰিডৰ সুস্থিৰতা আৰু গ্ৰিডত সৌৰ আৰু বায়ু শক্তিৰ উৎসসমূহৰ সংহতি আৰু ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় গ্ৰিডৰ বাবে বিপুল লাভৰ সৈতে অৰুণাচল প্ৰদেশ শক্তি ৰাহি ৰাজ্য হিচাপে পৰিগণিত হ’ব।

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শক্তি মন্ত্ৰালয়ৰ মিনি ৰত্ম ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান নীপকো লিমিটেডৰ দ্বাৰা ৰূপায়ণ কৰা ৬০০ মেগাৱাট ক্ষমতাসম্পন্ন কামেং জলবিদ্যু শক্তি কেন্দ্ৰ দেশবাসীৰ নামত উচৰ্গা কৰে৷

কেন্দ্ৰীয় শক্তি তথা নব্য আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰী শ্ৰী আৰ. কে. সিঙে প্ৰধানমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্বত এই প্ৰকল্পটো নিয়মীয়াকৈ নিৰীক্ষণ কৰি আহিছে যাতে বিভিন্ন প্ৰত্যাহ্বানৰ মাজতো কামেং জল প্ৰকল্পটো সময়মতে শুভাৰম্ভ কৰিব পাৰে আৰু স্বচ্ছ শক্তি উৎপাদনৰ বাবে আৰু অৰুণাচল প্ৰদেশত সমৃদ্ধি অনাৰ বাবে ৰাষ্ট্ৰৰ প্ৰতি উচৰ্গা কৰিব পৰা যায়। মন্ত্ৰীগৰাকীয়ে শক্তি পৰিৱৰ্তন আৰু গ্ৰিড সুস্থিৰতাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন আৰু জল শক্তিৰ উন্নয়নক সৰ্বাধিক অগ্ৰাধিকাৰ প্ৰদান কৰিছে।

উত্তৰ-পূৰ্বাঞ্চলৰ ষষ্ঠ জলবিদ্যুৎ প্ৰকল্প অৰ্থাৎ অৰুণাচল প্ৰদেশৰ ৬০০ মেগাৱাট ক্ষমতাসম্পন্ন কামেং জলবিদ্যুৎ কেন্দ্ৰৰ কাম-কাজ আৰম্ভ কৰাটো ২০১৫চনৰ পেৰিছ চুক্তিৰ অধীনত প্ৰতিজ্ঞা কৰা ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয়ভাৱে নিৰ্ধাৰিত অৱদান (এনডিচি) পূৰণৰ দিশত এক বৃহৎ পদক্ষেপ হ’ব। এই প্ৰকল্পটো ২০৩০ চনৰ ভিতৰত ৩০০০ মেগাৱাটৰ প্ৰকল্পিত জল ক্ষমতা সংযোজনৰ অংশ হিচাপে গঠন হ’ব।

অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাত ৮০ কিলোমিটাৰতকৈও অধিক দৈৰ্ঘ্যৰ এই প্ৰকল্পটোৰ বাবে প্ৰায় ৮২০০ কোটি টকা ব্যয় কৰা হৈছে৷

প্ৰকল্পটোত দুটা বান্ধ আৰু ১৫০ মেগাৱাটৰ ৪ ইউনিট থকা এটা শক্তিকেন্দ্ৰ আছে, যাতে ৩,৩৫৩ মিলিয়ন ইউনিট বিদ্যুৎ উৎপাদন কৰিব পৰা যায়। এই প্ৰকল্পৰ পৰা বছৰি ৩,৩৫৩ মিলিয়ন ইউনিট উৎপাদনে অৰুণাচল প্ৰদেশক শক্তি ৰাহি ৰাজ্য হিচাপে গঢ়ি তুলিব আৰু গ্ৰিডৰ সুস্থিৰতা আৰু গ্ৰিডত সৌৰ আৰু বায়ু শক্তিৰ উৎসসমূহৰ সংহতি আৰু ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় গ্ৰিডলৈ বিপুল সুবিধা লাভ কৰিব।

বিশ্বৰ অধিকাংশ আন্তঃগাঁথনি প্ৰকল্পই ক’ভিড-১৯ মহামাৰীৰ দ্বাৰা ব্যাপক প্ৰভাৱিত হোৱাৰ বিপৰীতে এই মেগা প্ৰকল্পটো নীপকো লিমিটেডে (এটা ভাৰত চৰকাৰৰ উদ্যোগ আৰু মহাৰত্নৰ সম্পূৰ্ণ মালিকানাধীন সহযোগী প্ৰতিষ্ঠান, এনটিপিচি লিমিটেড) সকলো বিপদৰ মাজতো ২০২০চনৰ জুন মাহৰ পৰা ২০২১চনৰ ফেব্ৰুৱাৰীৰ ভিতৰত ক্ৰমান্বয়ে সফলতাৰে আৰম্ভ কৰিছিল।

এই উপলক্ষে অনুষ্ঠানত কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী শ্ৰী কিৰেন ৰিজিজু, অৰুণাচল প্ৰদেশৰ  ৰাজ্যপাল ব্ৰিগেডিয়াৰ (ড০) বি. ডি. মিশ্ৰ (অৱসৰপ্ৰাপ্ত), অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডু, উপ-মুখ্যমন্ত্ৰী শ্ৰী চাওনা মেইন আৰু সাংসদ শ্ৰী নবাম ৰেবিয়া উপস্থিত থাকে৷

নীপকো লিমিটেড হৈছে ২০৫৭ মেগাৱাটৰ সামগ্ৰিক কাৰ্য্যকৰী ক্ষমতাসম্পন্ন অগ্ৰণী শক্তি উৎপাদন উদ্যোগসমূহৰ ভিতৰত অন্যতম ভাৰত চৰকাৰৰ এটা মিনি ৰত্ন ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান, যিটোৱে জল, প্ৰাকৃতিক গেছ ভিত্তিক/তাপ শক্তি কেন্দ্ৰৰ লগতে সৌৰশক্তিৰে গঠিত আৰু ই উত্তৰ-পূৰ্বাঞ্চলত শক্তিৰ পৰিৱেশ উন্নতিৰ দিশত যথেষ্ট অৰিহণা যোগাইছে। কোম্পানীটোৱে এতিয়া সৌৰ শক্তিৰ লগতে বহুমুখী প্ৰকল্পৰ বাবে জম্মু আৰু কাশ্মীৰত কাম-কাজ আৰম্ভ কৰিছে।

***

SS/IG/DB



(Release ID: 1877296) Visitor Counter : 127