প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বালিত জি-২০ সন্মিলনৰ সময়ত ব্ৰিটেইন যুক্তৰাজ্যৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

Posted On: 16 NOV 2022 3:47PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বালিত অনুষ্ঠিত জি-২০ সন্মিলনৰ সময়ত ব্ৰিটেইন যুক্তৰাজ্যৰ প্ৰধানমন্ত্ৰী ঋষি চুনাকক সাক্ষাৎ কৰে।

দুয়োজন নেতাৰ মাজত এইখন প্ৰথম বৈঠক আছিল। প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী চুনাকক কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে।

দুয়োগৰাকী নেতাই ভাৰত-ব্ৰিটেইন যুক্তৰাজ্যৰ ব্যাপক কৌশলগত অংশীদাৰিত্বৰ স্থিতি আৰু ভৱিষ্যত সম্পৰ্কৰ বাবে ৰোডমেপ ২০৩০ৰ অগ্ৰগতিৰ ওপৰত সন্তুষ্টি ব্যক্ত কৰে। দুয়োগৰাকী নেতাই জি-২০ আৰু কমনৱেলথকে ধৰি দ্বিপাক্ষিক আৰু বহুপাক্ষিক মঞ্চত একেলগে কাম কৰাৰ গুৰুত্বক প্ৰশংসা কৰে।

বাণিজ্য, গতিশীলতা, প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ দৰে সহযোগিতাৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ ওপৰত আলোচনাৰ গুৰুত্ব আৰোপ কৰা হয়।

 

***

DS/AK/MANN



(Release ID: 1876697) Visitor Counter : 86