প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

‘জি-২০ শীৰ্ষ সন্মিলন’ৰ আহৰি পৰত বালিৰ ‘চিৰসেউজ বনাঞ্চল’ দৰ্শন কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

प्रविष्टि तिथि: 16 NOV 2022 10:12AM by PIB Guwahati


‘জি-২০ শীৰ্ষ সন্মিলন’ৰ আহৰি পৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্মিলনৰ অন্যান্য নেতৃবৃন্দৰ সৈতে ‘তমান হুটন ৰায়া গুৰা ৰাই চিৰসেউজ(মেনগ্ৰভ) বনাঞ্চল’ দৰ্শন কৰাৰ লগতে চিৰসেউজ বা চিৰহৰিত্ গছৰ পুলিও ৰোপণ কৰে।

গোলকীয় সংৰক্ষণ প্ৰয়াসত চিৰসেউজ বনে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ‘জি-২০’ৰ অধ্যক্ষতাৰ কালত ইণ্ডোনেছিয়াই গ্ৰহণ কৰা উদ্যোগ তথা ইণ্ডোনেছিয়া আৰু সংযুক্ত আৰব আমিৰীৰ যুটীয়া উদ্যোগত গঢ় লোৱা ‘মেনগ্ৰভ এলায়েঞ্চ ফৰ ক্লাইমেট’(এমএচি)শীৰ্ষক কাৰ্যক্ৰমত ভাৰতেও অংশগ্ৰহণ কৰিছে।

ভাৰতৰ ৫০০০ বৰ্গকিলোমিটাৰৰো অধিক ভূমিত বিস্তৃত এলেকাত ৫০ৰো অধিক বিধ ‘চিৰসেউজ বন’ৰ সন্ধান কৰিব পৰা যায়। জৈৱ-বৈচিত্ৰ্যৰ ক্ষেত্ৰত অতিকে চহকী আৰু কাৰ্বন প্ৰশমণৰ ক্ষেত্ৰত প্ৰভাৱশালী বুলি পৰিগণিত এইবোৰ চিৰসেউজ গছৰ সংৰক্ষণ আৰু পুনৰুদ্ধাৰ কৰাত ভাৰতে বিশেষ গুৰুত্ব প্ৰদান কৰিছে।

***

 

DS/AK/KB         


(रिलीज़ आईडी: 1876689) आगंतुक पटल : 169
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam