প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কাশী-তামিল সংগমক লৈ উৎসাহিত প্ৰধানমন্ত্ৰী

পোষ্ট কৰা হৈছে: 09 NOV 2022 7:56PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ উত্তৰ আৰু দক্ষিণাঞ্চলৰ মাজত বিদ্যমান কালজয়ী বান্ধোনৰ দৃষ্টান্ত দাঙি ধৰা কাশী-তামিল সংগমক লৈ উৎসাহিত হৈ উঠিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এয়া এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ উদ্দীপনাৰ উদযাপনৰ লগতে তামিল ভাষা তথা সংস্কৃতিৰ সৌন্দৰ্য্যৰো উদযাপন হ’ব বুলি কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় মন্ত্ৰী ডঃ এল মুৰুগানৰ এটি টুইট শ্বেয়াৰ কৰি কয়;

“কাশী-তামিল সংগমক লৈ মই অতিশয় আগ্ৰহী হৈ উঠিছো। এই কাৰ্য্যক্ৰমৰ জৰিয়তে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ উদ্দীপনাৰ উদযাপনৰ লগতে সুন্দৰ তামিল ভাষা তথা সংস্কৃতিকো উদযাপন কৰা হ’ব।”

 

*****

DS/TS/SB


(ৰিলিজ আই ডি : 1876394) অতিথি কক্ষ : 127