প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত ১০,৫০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু দেশবাসীৰ নামত উচৰ্গা প্ৰধানমন্ত্ৰীৰ


“অন্ধ্ৰ প্ৰদেশৰ জনসাধাৰণে প্ৰতিটো ক্ষেত্ৰতে বিশেষভাৱে নাম উজলাইছে”

“উন্নয়নৰ পথ বহুমাত্ৰিক। ই সাধাৰণ নাগৰিকৰ প্ৰয়োজনীয়তা আৰু আৱশ্যকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু উন্নত আন্তঃগাঁথনিৰ বাবে ৰোডমেপ দাঙি ধৰে”

“আমাৰ দৃষ্টিভংগী হৈছে সৰ্বাংগীন বিকাশ আৰু সৰ্বাংগীন উন্নয়ন”

“পিএম গতি শক্তি নেচনেল মাষ্টাৰ প্লেনে আন্তঃগাঁথনি নিৰ্মাণৰ গতি ত্বৰান্বিত কৰাই নহয় প্ৰকল্পৰ ব্যয়ো হ্ৰাস কৰিছে”

“নীলা অৰ্থনীতি প্ৰথমবাৰৰ বাবে ইমান ডাঙৰ অগ্ৰাধিকাৰত পৰিণত হৈছে”

Posted On: 12 NOV 2022 12:16PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত আজি ১০,৫০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক প্ৰকল্প আধাৰশিলা স্থাপন কৰাৰ লগতে দেশবাসীৰ নামত উচৰ্গা কৰে। 

বিপ্লৱ বীৰুদু আল্লুৰু সীতাৰামৰাজুৰ ১২৫সংখ্যক জন্ম জয়ন্তীত অন্ধ্ৰপ্ৰদেশ ভ্ৰমণৰ সুযোগ পোৱা সময়ৰ কথা সুঁৱৰি প্ৰধানমন্ত্ৰীয়ে ভাষণৰ আৰম্ভণি কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে বিশাখাপট্টনম এখন অতি বিশেষ চহৰ, য’ত বাণিজ্য আৰু ব্যৱসায়ৰ অত্যন্ত চহকী পৰম্পৰা আছে। তেওঁ কয় যে বিশাখাপট্টনম প্ৰাচীন ভাৰতৰ এক গুৰুত্বপূৰ্ণ বন্দৰ হোৱাটো হাজাৰ হাজাৰ বছৰৰ আগতে পশ্চিম এছিয়া আৰু ৰোমলৈ যোৱা বাণিজ্যিক পথৰ অংশ আছিল আৰু আজিও ই ভাৰতৰ বাণিজ্যৰ কেন্দ্ৰীয় বিন্দু হৈয়ে আছে। প্ৰধানমন্ত্ৰীয়ে কয় যে আজি যি ১০,৫০০ কোটি টকাৰ প্ৰকল্প উচৰ্গা কৰা হৈছে আৰু যিবোৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে, সেইবোৰে আন্তঃগাঁথনি, জীৱন-যাপনৰ সহজতা আৰু আত্মনিৰ্ভৰ ভাৰতৰ সপোন পুৰণ কৰিব। প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকায়া নাইডুৰ কথাও বিশেষভাৱে উল্লেখ কৰি কয় যে অন্ধ্ৰপ্ৰদেশৰ প্ৰতি তেওঁৰ মৰম আৰু নিষ্ঠা অতুলনীয়।

শিক্ষাই হওক বা উদ্যোগীকৰণেই হওক, প্ৰযুক্তিয়েই হওক বা চিকিৎসা বৃত্তিই হওক, প্ৰধানমন্ত্ৰীয়ে কয় যে অন্ধ্ৰ প্ৰদেশৰ জনসাধাৰণে প্ৰতিটো ক্ষেত্ৰতে বিশেষভাৱে নাম উজলাইছে। তেওঁ লগতে কয় যে এই স্বীকৃতি কেৱল পেছাদাৰী গুণৰ ফল নহয়, অন্ধ্ৰ প্ৰদেশৰ জনসাধাৰণৰ বহিৰ্মুখী আৰু আনন্দময় স্বভাৱৰ ফল। প্ৰধানমন্ত্ৰীয়ে আজি উচৰ্গা কৰা আৰু আধাৰশিলা স্থাপন কৰা প্ৰকল্পসমূহক লৈ আনন্দ প্ৰকাশ কৰি কয় যে ই ৰাজ্যখনৰ উন্নয়নৰ গতি আৰু অধিক আগুৱাই নিব।

প্ৰধানমন্ত্ৰীয়ে কয়, “এই অমৃতকাল এখন উন্নত ভাৰতৰ উদ্দেশ্যেৰে দেশখনে উন্নয়নৰ পথত দ্ৰুতগতিত আগবাঢ়িছে।” উন্নয়নৰ পথ বহুমাত্ৰিক বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই সাধাৰণ নাগৰিকৰ প্ৰয়োজন আৰু আৱশ্যকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু উন্নত আন্তঃগাঁথনিৰ বাবে ৰোডমেপ দাঙি ধৰে। তেওঁ চৰকাৰৰ সৰ্বাংগীন বৃদ্ধিৰ দৃষ্টিভংগীৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে পূৰ্বৰ চৰকাৰসমূহে আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত বিচ্ছিন্ন পন্থাৰ বাবে আক্ষেপ প্ৰকাশ কৰে যাৰ ফলত লজিষ্টিক ব্যয় অধিক হোৱাৰ লগতে যোগান শৃংখলত ঢালৰ সৃষ্টি হয়। তেওঁ জনোৱা মতে উন্নয়নৰ এক সংহত দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে যোগান শৃংখল আৰু লজিষ্টিক বহু ধৰণৰ সংযোগৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ বাবে চৰকাৰে আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত এক নতুন পন্থা গ্ৰহণ কৰিছে। আজিৰ প্ৰকল্পসমূহৰ পৰা উন্নয়নৰ সংহত দৃষ্টিভংগীৰ উদাহৰণ দি প্ৰধানমন্ত্ৰীয়ে প্ৰস্তাৱিত অৰ্থনৈতিক কৰিড’ৰ প্ৰকল্পত ৬ লেনযুক্ত পথ, বন্দৰ সংযোগৰ বাবে সুকীয়া পথ, বিশাখাপট্টনম ৰে’লৱে ষ্টেচন সৌন্দৰ্য্যবৰ্ধন আৰু অত্যাধুনিক মাছ ধৰা বন্দৰৰ কথা উনুকিয়ায়। উন্নয়নৰ এই সংহত দৃষ্টিভংগীৰ কৃতিত্ব পিএম গতি শক্তি নেচনেল মাষ্ট্ৰাৰ প্লেনৰ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ইয়াৰ দ্বাৰা আন্তঃগাঁথনি নিৰ্মাণৰ গতি ত্বৰান্বিত হোৱাই নহয় প্ৰকল্পৰ ব্যয়ও হ্ৰাস পোৱা বুলি কয়। “মাল্টি-ডেল পৰিবহণ ব্যৱস্থা প্ৰতিখন চহৰৰ ভৱিষ্যত আৰু বিশাখাপট্টনমে এই দিশত এক পদক্ষেপ গ্ৰহণ কৰিছে”, তেওঁ লগতে কয়। তেওঁ কয় যে অন্ধ্ৰ প্ৰদেশ আৰু ইয়াৰ উপকূলীয় অঞ্চলসমূহে উন্নয়নৰ এই দৌৰত নতুন গতি আৰু শক্তিৰে আগবাঢ়ি যাব।

প্ৰধানমন্ত্ৰীয়ে অশান্ত বিশ্ব জলবায়ুৰ কথা উল্লেখ কৰি জটিল সামগ্ৰী আৰু শক্তিৰ প্ৰয়োজনীয়তাৰ বাবে যোগান শৃংখলত ব্যাঘাত জন্মা বিষয়টো অৱগত কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই কঠিন সময়ত অৱশ্যে ভাৰতে উন্নয়নৰ এক নতুন অধ্যায় লিখিলে। বিশেষজ্ঞসকলে ভাৰতৰ কৃতিত্বৰ প্ৰশংসা কৰাৰ সময়তে বিশ্বই এই কথা স্বীকাৰ কৰিছে আৰু “ভাৰত সমগ্ৰ বিশ্বৰ বাবে আশাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে”, তেওঁ কয়। এইটো সম্ভৱ হৈছে কেৱল এই কাৰণেই যে “ভাৰতে নিজৰ নাগৰিকৰ আকাংক্ষা আৰু প্ৰয়োজনীয়তা ৰক্ষা কৰি কাম কৰি আছে। প্ৰতিটো নীতি আৰু সিদ্ধান্ত সাধাৰণ নাগৰিকৰ জীৱন উন্নত কৰাৰ বাবে।” প্ৰধানমন্ত্ৰীয়ে ভাৰতত বিনিয়োগ বৃদ্ধিৰ কাৰণ হিচাপে পিএলআই আঁচনি, জিএছটি, আইবিচি আৰু ৰাষ্ট্ৰীয় আন্তঃগাঁথনি পাইপলাইনৰ কথা উল্লেখ কৰে। একে সময়তে দৰিদ্ৰ লোকৰ কল্যাণৰ বাবে আঁচনি সম্প্ৰসাৰণ কৰা হৈছে বুলিও তেওঁ কয়। “আজি এই উন্নয়নৰ যাত্ৰাত যিবোৰ অঞ্চল আগতে প্ৰান্তীয়কৃত হৈছিল সেইবোৰক অন্তৰ্ভুক্ত কৰা হৈছে। আনকি অতি পিছপৰা জিলাসমূহতো আকাংক্ষিত জিলা কাৰ্যসূচীৰ জৰিয়তে উন্নয়নমূলক আঁচনি চলোৱা হৈছে”, তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে যোৱা ডেৰ-ুবছৰৰ পৰা মানুহক বিনামূলীয়া ৰেচন, প্ৰতি বছৰে প্ৰতিজন কৃষকৰ একাউণ্টত ৬ হাজাৰ টকা, ড্ৰোণ, গেমিং আৰু ষ্টাৰ্ট-আপ সম্পৰ্কীয় নিয়ম শিথিল কৰা আদি বহু পদক্ষেপৰ তালিকাও উল্লেখ কৰে।

স্পষ্ট লক্ষ্যৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে অন্ধ্ৰপ্ৰদেশত আধুনিক প্ৰযুক্তিৰ জৰিয়তে গভীৰ জলশক্তি আহৰণৰ উদাহৰণ দাঙি ধৰে। নীলা অৰ্থনীতিৰ ওপৰত চৰকাৰে গুৰুত্ব দিয়াৰ কথাও তেওঁ আলোকপাত কৰে। “নীলা অৰ্থনীতি প্ৰথমবাৰৰ বাবে ইমান ডাঙৰ অগ্ৰাধিকাৰ হৈ পৰিছে”, তেওঁ লগতে কয়। তেওঁ মাছমৰীয়াৰ বাবে কিষাণ ক্ৰেডিট কাৰ্ড আৰু আজিৰ পৰা আৰম্ভ হোৱা বিশাখাপট্টনম মাছ ধৰা বন্দৰ আধুনিকীকৰণৰ দৰে ব্যৱস্থাৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে যুগ যুগ ধৰি সাগৰ ভাৰতৰ বাবে সমৃদ্ধিৰ উৎস হৈ আহিছে আৰু আমাৰ সাগৰৰ পাৰে এই সমৃদ্ধিৰ দুৱাৰমুখ হিচাপে কাম কৰি আহিছে। তেওঁ সজোৰে কয় যে দেশত বন্দৰভিত্তিক উন্নয়নৰ বাবে চলি থকা হাজাৰ হাজাৰ কোটিৰ প্ৰকল্পসমূহে আজিৰ পিছত আৰু অধিক সম্প্ৰসাৰণ লাভ কৰিব।

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে কয়, “একবিংশ শতিকাৰ ভাৰতে উন্নয়নৰ সামগ্ৰিক চিন্তাধাৰাক কেন্দ্ৰভূমিলৈ আনিছে।” দেশৰ এই উন্নয়ন অভিযানত অন্ধ্ৰ প্ৰদেশে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি যাব বুলি তেওঁ বিশ্বাস প্ৰকাশ কৰে।

এই উপলক্ষে অনুষ্ঠানত অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী ৱাইএছআৰ জগন ৰেড্ডী, অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰী বিশ্ব ভূষণ হৰিচন্দন, কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, সাংসদ আৰু অন্ধ্ৰ প্ৰদেশৰ বিধান পৰিষদৰ সদস্যসকল উপস্থিত থাকে।

***

DS/TS/DB



(Release ID: 1875747) Visitor Counter : 153