প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বিশিষ্ট গণিতজ্ঞ আৰু পদ্মশ্ৰী সন্মান প্ৰাপক শ্ৰী আৰ এল কাশ্যপৰ দেহাৱসানত প্ৰধানমন্ত্ৰীৰ শোক
পোষ্ট কৰা হৈছে:
12 NOV 2022 10:46AM by PIB Guwahati
বিশিষ্ট গণিতজ্ঞ আৰু পদ্মশ্ৰী সন্মান প্ৰাপক শ্ৰী আৰ এল কাশ্যপৰ দেহাৱসানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে।
এই সন্দৰ্ভত প্ৰকাশ কৰা টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;
“শ্ৰী আৰ এল কাশ্যপ এগৰাকী বহুমুখী প্ৰতিভাসম্পন্ন আৰু মহান পণ্ডিত। তেওঁ সমৃদ্ধ গণিতীয় আৰু বৈজ্ঞানিক জ্ঞানৰে পৰিপুষ্ট আছিল। ভাৰতৰ সাংস্কৃতিক মূলক লৈ তেওঁ সদায়ে গৌৰৱ বোধ কৰি অহাৰ লগতে বৈদিক অধ্যয়নৰে নিজৰ এক সুকীয়া পৰিচিতি গঢ়িব খুজিছিল। তেওঁৰ মৃত্যুৱে বাৰুকৈয়ে ব্যথিত কৰিছে। পৰিয়ালবৰ্গৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো। ওঁম শান্তি।
****
DS/ST/KB
(ৰিলিজ আই ডি : 1875451)
অতিথি কক্ষ : 164
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam