প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জম্মু-কাশ্মীৰত চিকিৎসা শিক্ষাৰ নতুন যুগৰ সূচনাত প্ৰধানমন্ত্ৰীৰ সন্তোষ
জম্মু-কাশ্মীৰৰ ২০ জিলা চৰকাৰী চিকিৎসালয়ত ২৬৫ ডিএনবি স্নাতকোত্তৰ চিকিৎসা আসনত চৰকাৰৰ অনুমোদন
प्रविष्टि तिथि:
08 NOV 2022 7:57PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু-কাশ্মীৰত চিকিৎসা শিক্ষাৰ নতুন যুগৰ সূচনা হোৱাত সন্তোষ প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়াৰ ২০ খন জিলা চৰকাৰী চিকিৎসালয়ত ২৬৫ খন ডিএনবি স্নাতকোত্তৰ চিকিৎসা আসনত অনুমোদন জনাবলৈ চৰকাৰখনৰ সিদ্ধান্তক প্ৰশংসা কৰি কয় যে জম্মু-কাশ্মীৰৰ যুৱক-যুৱতীসকলৰ সবলীকৰণ আৰু চিকিৎসা আন্তঃগাঁথনিৰ অগ্ৰগতি সাধনৰ লক্ষ্যৰে এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ।
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী শ্ৰী মনসুখ মাণ্ডবিয়াৰ এটা টুইট শ্বেয়াৰেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;
“জম্মু-কাশ্মীৰৰ যুৱক-যুৱতীসকলৰ সবলীকৰণ আৰু চিকিৎসা আন্তঃগাঁথনিৰ অগ্ৰগতি সাধনৰ লক্ষ্যৰে এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ!”
***
DS/TS/SB
(रिलीज़ आईडी: 1874703)
आगंतुक पटल : 176
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam